ডিব্ৰুগড়ত সাংবাদিকক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিলে ছিল্কালয়ৰ কৰ্তৃপক্ষই

0 288

ক’ভিড১৯ৰ পৰিপ্ৰেক্ষিতত হৈ থকা বিপৰ্যয়ৰ এই সময়ছোৱাত বহুগৰাকী সুহৃদয়ৱান ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে । এই বিপৰ্যয়ৰ সময়ছোৱাত সমগ্ৰ বিশ্বৰে ভিন্ন প্ৰান্তত জৰুৰী সেৱাৰ সৈতে জড়িত লোকসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ হকে সেৱা আগবঢ়াই গৈছে। সমগ্ৰ দেশৰ লগতে অসমতো কোভিড১৯ৰ বিৰূদ্ধে জৰুৰী সেৱাৰ এক প্ৰয়োজনীয় অংশ হিচাপে সাংবাদিকসকলেও প্ৰয়োজনীয় সেৱা আগবঢ়াই গৈছে । জনসাধাৰণৰ মাজত প্ৰতিমুহুৰ্ততে সাংবাদিক সকলে সজাগ সৰ্তকতা সৃষ্টি কৰি আহিছে।
 
 
সাংবাদিকসকলৰ এই সেৱাৰ মনোভাৱৰ প্ৰতি সন্মান কৰি ডিব্ৰুগড় জিলাৰ কৰ্মৰত  ইলেকট্ৰনিক মাধ্যমৰ সাংবাদিক সকললৈ কিছু সহায়ৰ হাত আগবঢাইছে। উল্লেখযোগ্য যে এই মহামাৰী ন’ভেল ক’ৰণা ভাইৰাছে বিশ্বত দ্ৰুতবেগত মহামাৰী  ৰূপ  ধাৰণা  কৰা সময়তো নিজৰ জীৱনটোকো  তুচ্ছ জ্ঞান কৰি সাংবাদিকসকলে অহৰহ সেৱা আগবঢ়াই আহিছে ।
 
ডিব্ৰুগড় জিলাৰ ছিল্কালয়ৰ সন্মানীয় স্বত্বাধিকাৰী অৰুণ জৈনে সাংবাদিকসকলৰ নিজৰ নিজৰ সংবাদ প্ৰতিষ্ঠানৰ লগ’ সম্বলিত একোটাকৈ মাস্ক, টুপী প্ৰদান কৰিছে। ইয়াৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভি আই পি সকলৰ মন্তব্য সংগ্ৰহ কৰিবৰ কাৰণে সাংবাদিকসকলৰ সুবিধা হোৱাকৈ এটাকৈ বুমষ্টেণ্ড প্ৰদান কৰে।
 
ডিব্ৰুগড় জিলাৰ থানা চাৰিআলিৰ সমীপতে থকা ছিল্কালয় প্ৰাংগনত অনুষ্ঠিত জিলাখনৰ প্ৰতিটো প্ৰান্তৰে ইলেকট্ৰনিক সংবাদ মাধ্যমৰ প্ৰতিটো প্ৰতিষ্ঠানৰ লগ’ সম্বলিত মাস্ক সাংবাদিক সকলক প্ৰদান কৰে। সমান্তৰালভাৱে ইলেকট্ৰনিক মাধ্যমৰ সাংবাদিকসকলে দীৰ্ঘদিন ধৰি অসুবিধাৰ সন্মুখীন হৈ অহা বুমষ্টেণ্ড এটাকৈ প্ৰদান কৰা হয়।
 
উক্ত ষ্টেণ্ড টোৰ জৰিয়তে যিকোনো ধৰণৰ ভি আই পি সকলৰ ভাষ্য সমূহ সংগ্ৰহৰ সময়ত শাৰীৰিকভাৱে ব্যৱধান ৰাখি মন্তব্য সমূহ সংগ্ৰহৰ সুবিধা হ’ব বুলি আশা কৰিছে ছিল্কালয় খনৰ স্বত্বাধিকাৰী অৰুণ জৈনে। উক্ত অনুষ্ঠানখন আঁত ধৰে প্ৰণৱ শইকীয়াই। উক্ত অনুষ্ঠানত মাস্ক সমূহ প্ৰদান কৰিবলৈ উপস্থিত থাকে ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক ক্ৰমে অনিল পোদ্দাৰ আৰু ৰাতুল গোহাঁই।
 
আনহাতে ডিব্ৰুগড় জিলাৰ থানা চাৰিআলিত কৰ্মৰত আৰক্ষীক খোৱা পানী, অ’ আৰ এছ আদি বিতৰণ কৰে আন্তঃৰাষ্ট্ৰীয় সামাজিক-স্বেচ্ছাসেৱী সংগঠন ৰ’টাৰী ক্লাৱে। ইয়াৰ লগতে সাংবাদিক সকলক মাস্ক, ছেনিটাইজাৰ, টাৱেল,অ’ আৰ এছ আৰু খোৱাপানী আদিও বিতৰণ কৰে ।ৰ’টাৰী ক্লাবৰ হৈ জ্যেষ্ঠ বিষয়ববীয়া কল্পনা খাউণ্ড, সভাপতি সমীৰ টোডী, সম্পাদক বিকাশ মোডী সহ ক্লাৱৰ আন আন বিষয়ববীয়া সকল উপস্থিত থাকে। উল্লেখযোগ্য যে , ৰটাৰী ক্লাবে বিভিন্ন প্ৰকাৰে জনসাধাৰণক সহায় কৰাৰ লগতে বিভিন্ন কেইটা স্থানত ছেনিটাইজেশ্যন কৰি আহিছে।

Leave A Reply

Your email address will not be published.