ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ উদ্যোগত ‘ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চা অনুষ্ঠান

0 188

সীমিত গণ্ডীৰ আৱেষ্টনীৰ পৰা উলিয়াই আনি শংকৰদেৱৰ বিশ্বজনীনতাক উপলব্ধি কৰাৰ ক্ষেত্ৰত এক খোজৰ অংশ হিচাপে ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ উদ্যোগত আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চা অনুষ্ঠান।সংগীত পৰিচালক ডা: হিতেশ বৰুৱাই উদ্বোধন কৰিবলগীয়া উক্ত শংকৰদেৱ চৰ্চা অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব সংগীত নাটক অকাডেমী বঁটা বিজয়ী সত্ৰীয়া নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰে।
তালুকদাৰে ‘সাংস্কৃতিক দিশত শংকৰদেৱ’ শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। বাকী বক্তাসকল আৰু তেওঁলোকৰ বক্তৃতাৰ বিষয় এনেধৰণৰ: ৰমেন দাস, শংকৰদেৱ গৱেষক-লেখক-শিল্পী (অসমীয়া জাতি গঠনত শংকৰদেৱ), ড° ডালিমী কোঁৱৰ, লোকসংগীতশিল্পী (শংকৰদেৱৰ অংকীয়া নাট ভাওনা), ডা: কনক চন্দ্ৰ তালুকদাৰ, বিশিষ্ট চৰ্মৰোগ বিশেষজ্ঞ তথা উপসভাপতি, অসম সত্ৰ মহাসভাৰ গুৱাহাটী জিলা সমিতি (শংকৰদেৱৰ ধৰ্মনিৰপেক্ষ দিশ), ডা: অম্লান দাস, সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চ (ৰাষ্ট্ৰীয় সংহতিত শংকৰদেৱ), ড° গীতা দত্ত চহৰীয়া (হিন্দী)
আনহাতে এক গুৰুত্বপূৰ্ণ বিষয়ত ড° গীতা দত্ত চহৰীয়াই হিন্দী ভাষাত বক্তৃতা প্ৰদান কৰিব। সাংবাদিক মৰম কুমাৰে আঁত ধৰিবলগীয়া অনুষ্ঠানত বক্তৃতাৰ মাজে মাজে থাকিব বৰগীত, ভোৰতাল নৃত্যৰ লগতে সত্ৰীয়া নৃত্যৰ উপাদান।ৰাজনৈতিক ক্ষেত্ৰৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা অংশ ল’ব।
আনহাতে অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হ’ব জনপ্ৰিয় কুইজ মাষ্টাৰ দীপাংকৰ কৌশিক-দিলীপ কুমাৰ শৰ্মা আৰু দীপাংকৰ ভট্টাচাৰ্যৰ পৰিচালনাৰে ‘বিশেষ শংকৰদেৱ কুইজ’।প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ লগে লগে আগবঢ়োৱা হ’ব শংকৰদেৱ বিষয়ক কিতাপৰ উপহাৰ। শংকৰদেৱ চৰ্চা অনুষ্ঠানৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি পাণবজাৰৰ R G Publication ৰ প্ৰকাশক ৰাকেশ গোস্বামী আৰু চন্দ্ৰ প্ৰকাশৰ প্ৰকাশক ডা: ৰবীন্দ্ৰ মোহন শৰ্মাই শংকৰদেৱ কুইজ অনুষ্ঠানলৈ সহযোগ আগবঢ়াইছে।
কুইজ অনুষ্ঠানত প্ৰজেক্টৰৰ জৰিয়তে শংকৰদেৱৰ ভিন্ন দিশ তুলি ধৰি প্ৰশ্নবোৰ আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা হ’ব বুলি পৰিচালকদ্বয়ে জানিবলৈ দিছে।
অনুষ্ঠানক আন এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ আগ্ৰহেৰে শংকৰদেৱ বিষয়ক পদক্ষেপৰ প্ৰতি বিশেষ সমৰ্থন প্ৰকাশ কৰি নিজৰ দুখন গ্ৰন্থ উন্মোচনৰ বাবে আগবাঢ়ি আহিছে লেখিকা মঞ্জু দেৱী (মালিগাঁও)। ইতিমধ্যে ‘দ্ৰৌপদীৰ কান্দোন’ নামৰ কাব্যসংকলেনেৰে পৰিচিতি লাভ কৰা মঞ্জু দেৱীৰ ‘আত্মজ’ আৰু ‘সূৰ্যস্নান’ নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হ’ব। এই অনুষ্ঠানতে শংকৰদেৱৰ সংস্কৃতি-সাহিত্যৰ চৰ্চা কৰি বিশেষ অৱদান যোগাই অহা কিছু ব্যক্তিত্বক শংকৰদেৱ সম্বৰ্ধনা প্ৰদান কৰা হ’ব। লগতে অনুষ্ঠান পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীক প্ৰদান কৰা হ’ব অংশগ্ৰহণৰ প্ৰমাণপত্ৰ। মঞ্চত প্ৰমাণপত্ৰ প্ৰদান কৰিব আমাৰ অসমৰ সহকাৰী সম্পাদক মণ্টু শইকীয়া, ড° বুলজিৎ বুঢ়াগোহাঁই, বি এন বৰুৱা, হীৰেন চহৰীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলে।
অনুষ্ঠানত কবি-সাংবাদিক ৰঞ্জিত পাটগিৰীয়ে পাঠ কৰিব শংকৰদেৱক লৈ ৰচনা কৰা এটি কবিতা।অনুষ্ঠানত লেখক তথা অসম আন্দোলনৰ নিৰ্যাতিত বিশিষ্ট সমাজকৰ্মী হীৰেন চহৰীয়া, ৰ’টাৰী ক্লাব অৱ গুৱাহাটীৰ সভাপতি তথা বিশিষ্ট মানৱদৰদী সমাজকৰ্মী বি এন বৰুৱা, লেখক-নাট্যকাৰ ৰঞ্জিত দাসকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তিয়ে অংশ ল’ব।
সেইদৰে ডেম’ক্ৰেচী লাইভৰ শংকৰদেৱ বিষয়ক অনুষ্ঠানটিৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি উপস্থিত থাকিব নাৰীশক্তিৰে গঠিত মানৱদৰদী স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ৰ প্ৰায় দহগৰাকী বিষয়ববীয়া আৰু সদস্য।অনুষ্ঠানৰ জৰিয়তে উদীয়মান কণ্ঠশিল্পী সুকন্যা শৰ্মাক মৰমলেণ্ডৰ মঞ্চত প্ৰথমবাৰলৈ শুভেচ্ছামূলকভাৱে আগুৱাই দিয়া হ’ব।লগতে আন কেইবাগৰাকীও শিল্পীয়ে অংশ ল’ব অনুষ্ঠানত।
ইতিমধ্যে ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ অহা ১৭ অক্টোবৰৰ ‘ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চা’ আয়োজনৰ পদক্ষেপক সকলোৱে একেমুখে অতি সময়োচিত আৰু প্ৰয়োজনীয় পদক্ষেপ বুলি প্ৰশংসাৰে ওপোচাই দিছে।
বিশিষ্ট গান্ধীবাদী তথা শংকৰদেৱৰ অন্যতম উপাসক হেম ভাইয়ে এয়া অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে।মই আশ্চৰ্য প্ৰকাশ কৰিছো, মৰম কুমাৰে তেওঁৰ সাৰুৱা মস্তিষ্কৰে নিতৌ ন ন চিন্তাৰ অনুষ্ঠান উপহাৰ দি আহিছে। ইয়াৰ ভিতৰত আটাইতকৈ এক মহৎ কাম হ’ল শংকৰদেৱক বিজ্ঞানসন্মতভাৱে বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰাটো। এই কথাই মোক অতিশয় আনন্দিত কৰিছে,’ হেম ভাইৰ মন্তব্য।
সেইদৰে সংগীত নাটক অকাডেমী বঁটা বিজয়ী সত্ৰীয়া নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰে ডেম’ক্ৰেচী লাইভ-মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিয়ে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা বুলি মন্তব্য কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।
ডেম’ক্ৰেচী লাইভ-মৰমলেণ্ডে সময়ে সময়ে কিছু সমাজৰ বাবে উপকাৰী কিছু গভীৰ দিশত কাম কৰি আহিছে। গুৰুজনাৰ বাবে লোৱা এই পদক্ষেপত মই সুখী অনুভৱ কৰিছো,’ ৰামকৃষ্ণ তালুকদাৰৰ মন্তব্য।আনহাতে শংকৰদেৱৰ নাটসমূহ ইংৰাজীলৈ অনুবাদ কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সুবক্তা বিশিষ্ট লেখক ড° দয়ানন্দ পাঠকে শংকৰদেৱক লৈ এই পদক্ষেপ এক ভাল পদক্ষেপ বুলি মন্তব্য কৰিছে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ পদক্ষেপৰ শলাগ লৈ কয়,’অন্তৰৰ পৰা মই এই পদক্ষেপৰ শলাগ লৈছো।
সেইদৰে নিউজ লাইভৰ মুৰব্বী ভিডিঅ’ জাৰ্ণেলিষ্ট মানস প্ৰতিম নাথে এই পদক্ষেপক উচ্চ প্ৰশংসা কৰিছে।অনুষ্ঠানৰ প্ৰতি সহযোগিতা আগবঢ়াই সাফল্যমণ্ডিত কৰিবলৈ ৰাইজৰ প্ৰতি ডেম’ক্ৰেচী লাইভৰ মুখ্য সম্পাদক তথা মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ সভাপতি মৰম কুমাৰ আৰু সম্পাদক অনুপ কুমাৰ চৌধুৰীয়ে অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.