ড° পীতাম্বৰ দেৱগোস্বামীলৈ ৰংবং তেৰাং সমন্বয় বঁটা

0 253

কার্বি আংলং জিলাৰ বকলীয়াঘাটৰ চিংথুৰ প্রকাশনৰ উদ্যোগত ২০১৭ চনৰ পৰা ‘ৰংমিলিৰ হাঁহি’ৰ স্রষ্টা পদ্মশ্রী ৰংবং তেৰাঙৰ পৱিত্র জন্মদিৱসৰ সৈতে সংগতি ৰাখি ১৩ জানুৱাৰীৰ দিনা ৰংবং তেৰাং সমন্বয় বঁটা প্রদান কৰি আহিছে৷ ইতিমধ্যে ২০১৭ চনত বিশিষ্ট সাহিত্যিক লোক–সংস্কৃতিৰ গৱেষক পণ্ডিত ড০ বীৰেন্দ্র নাথ দত্ত, ২০১৮ চনত অৰুণাচল তথা অসমৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, ২০১৯ চনত প্রবীণ সাংবাদিক তথা বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি, ২০২০ চনত বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়া আৰু ২০২১ চনত ‘অনুৰাধাৰ দেশ’ৰ স্রষ্টা ফণীন্দ্র কুমাৰ দেৱচৌধুৰীক এই বঁটা প্রদান কৰা হৈছিল৷ ২০২২ চনৰ ৰংবং তেৰাং সমন্বয় বঁটাৰ বাবে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা আউনীআটী সত্রৰ সত্রাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীক মনোনীত কৰিছে চিংথুৰ প্রকাশনে৷ অহা ১৩ জানুৱাৰী বৃহস্পতিবাৰে কার্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত দিনৰ ১০ বজাত অনুষ্ঠিত হ’ব লগা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই বঁটা প্রদান কৰা হ’ব৷ এই বঁটাত নগদ ধনৰ লগতে পৰম্পৰাগত কার্বি সাজ–পোছাক আৰু স্থানীয় লেখকৰ গ্রন্থৰ টোপোলা আদি প্রদান কৰা হ’ব৷
শুকুৰবাৰে ডিফু প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত চিংথুৰ প্রকাশনৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকাই এই কথা জনায়৷ বঁটা প্রদান অনুষ্ঠানৰ লগত সংগতি ৰাখি কবি নৱ লস্কৰৰ সপোনৰ ৰং সেউজীয়া, অতুল চন্দ্র বৰাৰ ব্যংগ উপন্যাস গোলাপীক ডির্ভছ, থানুৰাম নাথৰ ভিন্ন চিন্তা, তোষেশ্বৰ নাথৰ সময়ৰ অনুৰণন, অর্চনা দাস বৰাৰ মনদলিচাৰ কবিতা, পৰিকুমাৰী বৰুৱাৰ নীলকণ্ঠী হাঁহি,স্বপ্না সৰকাৰৰ জোনাকৰ গ্রহণ আৰু সাৰ পালো দোভাগ ৰাতি৷ মামণি বৰাৰ সপোনৰ সৌন্দর্য, ৰিজুমণি দেৱীৰ বতাহীৰ কথাৰে, বর্ণালী শইকীয়াৰ প্রতিকৃতি আৰু অনুগল্পৰ ৰামধেনু, ববী দত্তৰ লিমাৰিক, মৰচেওৰা, হেঁপাহৰ ভৰুণ পৃথিৱী, এটি মৌন প্রার্থনা, ঈশ্বৰৰ কথা আৰু এনেদৰে হাঁহি থাকোঁ আনৰ সুখৰ বাবে, জীৱন মুদৈৰ বাস্তৱৰ সৌন্দর্য, নিবেদিতা শর্মাৰ হূদয় শাশ্বত নদী আৰু আকৌ নতুন প্রভাত হ’ব আদি প্রায় ২৩খন গ্রন্থ উন্মোচন হ’ব৷ উক্ত অনুষ্ঠানত ৰংবং তেৰাং কার্বি লামমেট আমেইৰ সভাপতি বাৰিম ইংতি উপস্থিত থকাৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, সাদিন–প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা, পদ্মশ্রী সূর্য বৰুৱা, অসম সাহিত্য সভাৰ সম্পাদক যাদৱ চন্দ্র শর্মা আৰু অসমীয়া কবিতা চর্চাৰ এডমিন আমিনুৰ ৰহমানক আমন্ত্রণ জনোৱা হৈছে বুলি কার্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক তথা চিংথুৰ প্রকাশনৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.