ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

0 142

ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটো শুক্ৰবাৰে ঢকুৱাখনা বিধান পৰিষদৰ উদ্যোগত পালন কৰা হয় । ঢকুৱাখনা  নগৰস্থিত বিধান পৰিষদৰ স্থায়ী কাৰ্য্যালয়ত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় । বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাই দলীয়  গৰিষ্ঠ সংখ্যক বিষয় ববীয়া আৰু কৰ্মকর্তাৰ উপস্থিতিত পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰা হয় ।পৰৱৰ্তী সময়ত দলৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ  সতে সংগতি ৰাখি বিধানসভা সমষ্টিটোৰ শ্বহীদ পৰিয়াল সমূহৰ লগতে জ্যেষ্ঠ নাগৰিক সকলক  ফুলাম গামোচাৰে বিশেষ ভাবে সম্বৰ্ধনা জনাই  আশীৰ্বাদ গ্ৰহণ কৰে বিধান পৰিষদ সমিতিয়ে । এই দিৱস উপলক্ষত দুপৰীয়া অনুষ্ঠিতব্য মুকলি সভা অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মহেশ দলেয়ে উদ্বোধন কৰি আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ভেঁটিত লালিত পালিত দলটোৰ সাম্প্ৰতিক সময়ত প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত বিশ্লেষণাত্মক উদ্বোধনী ভাষণ প্ৰদান কৰে।
বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই ভাৰপ্ৰাপ্ত সম্পাদক প্ৰাঞ্জল দিহিঙীয়াই।প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত প্ৰবীণ আঞ্চলিকতাবাদী নেতা ৰবীন খনিকৰ , মাইটি চুতীয়া আদিয়ে বক্তব্য আগবঢ়াই দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰণত দলৰ প্ৰতিগৰাকী বিষয় ববীয়া ,কৰ্মীৰ কৰণীয়তা সন্দৰ্ভত বক্তব্য ৰাখে । গৰিষ্ঠ সংখ্যক দলীয় কৰ্মকর্তা  উপস্থিত থকা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সন্ধিয়া কাৰ্য্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে সামৰণি মৰা হয় । দিৱসটো সফলতাৰে  উদযাপন কৰাত দলীয় সমূহ কৰ্মকর্তাই আগবঢ়োৱা সহযোগিতাক বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক তথা প্ৰতিষ্ঠা দিৱসৰ আহ্বায়ক নিতুল বৰাই কৃতজ্ঞতাৰে শলাগ লৈছে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.