ঢকুৱাখনাত চুতীয়া জাতিৰ লোকপিয়লৰ  সজাগতা সভা

0 251

ৰাজ্যখনৰ চুতীয়া জাতিৰ জনসাধাৰণৰ  সৰ্বাংগীন উন্নয়ন বিকাশৰ ধাৰা ত্বৰাণিত কৰাৰ লক্ষ্যৰে নৱ গঠিত চুতীয়া জাতি উন্নয়ন পৰিষদৰ জনমুখী আঁচনি ৰূপায়ন আৰু জাতিৰ লোকপিয়ল সন্দৰ্ভত বিশদ আলোচনাৰে এখন সজাগতা সভা ঢকুৱাখনাত অনুষ্ঠিত হয় । শুক্ৰবাৰে ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ অন্তৰ্গত হাৰ্হি , পূব ঢকুৱাখনা, সাপতিয়া -মাহধুৱা , নেমুটেঙানি আৰু বৰদৈবাম আঞ্চলিক সমিতিৰ  যৌথ উদ্যোগত হাৰ্হি ৰংগভূমি কলা কেন্দ্ৰত এই গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত হয়। জিলা সন্মিলনৰ সাধাৰণ সম্পাদক অতুল চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত ৫খন আঞ্চলিক সমিতিৰ  সভাপতি, সম্পাদক, জিলা সন্মিলন, মহিলা সন্মিলন, যুৱ ছাত্ৰ সংগঠনৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা আৰু বিষয়ববীয়া উপস্থিত থাকি  স্বজাতিৰ লোকপিয়ল আৰু উন্নয়ন পৰিষদৰ উন্নয়নমুখী  আঁচনিৰ ওপৰত সন্দৰ্ভত বিশদ আলোচনা কৰে। স্বগোষ্ঠীয় নিখুঁত , তথ্য নিৰ্ভৰ লোক পিয়ল আৰু  এখন সামাজিক , সাংস্কৃতিক,শৈক্ষিক ,অৰ্থনৈতিক ভাৱে বিকশিত সমাজ গঢ়াৰ ক্ষেত্ৰত নৱ গঠিত উন্নয়ন পৰিষদৰ  কৰ্ম আঁচনি সন্দৰ্ভত পৰামৰ্শমূলক বক্তব্য আগবঢ়াই হেম বৰুৱা , পৰেশ চুতীয়া , ৰাজু চুতীয়া , দিজু বৰদলৈ , ৰাজু চুতীয়া , তিলেন্দ্ৰ বৰুৱা , বৰ্ণালী চুতীয়া , ৰিবোল চুতীয়া আদিয়ে।
উন্নয়ন পৰিষদৰ সদস্য কৌস্তভ কিশোৰ চুতীয়াৰ আদৰণি ভাষনেৰে শুভাৰম্ভ হোৱা সজাগতা সভাত চলিত মাহত আৰম্ভ হ`ব লগীয়া নিখুঁত লোক পিয়লৰ পৰিকল্পনা  সন্দৰ্ভত বক্তব্য আগবঢ়াই জিলা সন্মিলনৰ সম্পাদক গৌৰৱ বৰুৱাই। প্ৰতি আঞ্চলিক সমিতিৰ তীক্ষ্ণ নজৰত প্ৰতি গাঁওৰ দুগৰাকীকৈ  নিষ্ঠাবান সদস্যৰ জৰিয়তে লোকপিয়ল ক্ষীপ্ৰতাৰে সম্পন্ন কৰা , ক`ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ`লেই প্ৰতি আঞ্চলিকত জন সজাগতা সভা অনুষ্ঠিত কৰা , আঞ্চলিক সমূহৰ সমস্যা আৰু সম্ভাৱনা সমূহ সঠিক ভাৱে নিৰূপণ কৰি অগ্ৰাধিকাৰ ভিত্তিত তাক সমাধানৰ বাবে আঁচনি গ্ৰহণ কৰি ৰাইজৰ সহযোগত ৰূপায়ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.