সমাজ সভ্যতা আৰু সম্ভ্ৰমী সংস্কৃতিৰ ক্ষেত্ৰখনলৈ মেটমৰা অৱদান আগবঢ়াই শত সহস্ৰজনৰ স্নেহার্শীষ বুটলিবলৈ সক্ষম হোৱা ৰাজ্যখনৰ দুই প্ৰচাৰ বিমুখ নীৰৱ সাধকক শনিবাৰে ঢকুৱাখনা মহকুমাৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী ৰংগভূমি নাট্য মঞ্চই প্ৰদান কৰিলে মান্যতা । নাট্য সাহিত্য আৰু চলচিত্ৰৰ মাধ্যমেৰে এখন ৰক্ষণশীল সমাজক নব্য গতিশীলতা প্ৰদানৰ নিৰবিছিন্ন সাংস্কৃতিক সংগ্ৰাম চলাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উচ্চ প্ৰশংসিত হোৱা নগাঁও জিলাৰ বিশিষ্ট নাট্য পৰিচালক , সুঅভিনেতা প্ৰবীণ হাজৰিকা আৰু সাম্প্ৰতিক কোভিড সৃষ্ট জটিল সময়ত লখিমপুৰ জিলাৰ হাজাৰ বিজাৰ কোৰোনাক্ৰান্ত ৰোগীৰ অন্যতম ত্ৰাণকৰ্তা তথা সঞ্জীৱনী প্ৰদানকাৰী মানৱ দৰদী হিচাবে পৰিচিত পল্লৱী নেওগ বৰালৈ এই সামাজিক স্বীকৃতি প্ৰদান কৰা হৈছে। মহামানব মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষত শনিবাৰে ঢকুৱাখনাৰ ৰংগভূমি নাট্য মঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক ৰাজহুৱা সভাত বৰেণ্য দুই অভ্যাগতক বিশেষ বঁটাৰে বিভূষিত কৰা হয়। নাট্য মঞ্চই নাট্য সাধক প্ৰবীণ হাজৰিকাই নাট্য ক্ষেত্ৰলৈ আগবঢ়োৱা বৰেণ্য অৱদানৰ বাবে ২০২১ বৰ্ষৰ ৰংগভূমি সাংস্কৃতিক বঁটা আৰু অতিমাৰী কোৰোনাৰ ভয়াবহ সংক্ৰমণৰ সময়ত লখিমপুৰ জিলাত এটা “অক্সিজেন বেংক ” স্থাপন কৰি অগণন ৰোগাক্ৰান্তৰ প্ৰতি মানৱ দৰদী সেৱা আগবঢ়াই যোৱা বিহপুৰীয়াৰ “কৌশল বিকাশ ট্ৰাষ্ট”ৰ সঞ্চালক পল্লৱী নেওগ বৰালৈ ৰংগভূমি নাট্য মঞ্চৰ ২০২১ বর্ষৰ সামাজিক বঁটা প্ৰদান কৰে । গান্ধী জয়ন্তী উপলক্ষত শনিবাৰে অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানৰ সঞ্চালনা কৰে সাংস্কৃতিক কৰ্মী ৰাজীৱ তামূলীয়ে । প্ৰাৰম্ভতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্প মাল্যৰে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাগৰিক ,অবসৰী শিক্ষক পৃথু বৰাই। ইয়াৰ পাছতে “গান্ধী দৰ্শন আৰু সাম্প্ৰতিক সমাজ ” শীৰ্ষক বিষয়ত বক্তৱ্য আগবঢ়াই প্ৰিয়ম ডি জ্যোৎষ্ণাই । উদীয়মান সাংস্কৃতিক কৰ্মী ,নৃত্য পৰিচালক বাবা গগৈৰ নিখুঁত পৰিচালনাৰে পৰিবেশিত বাৰে বৰণীয়া দৃষ্টিনন্দন সাংস্কৃতিক অনুষ্ঠানৰ মাজতে দুই সমাজহিতৈষী ব্যক্তিক ৰংগভূমি নাট্য মঞ্চৰ তৰফৰ পৰা চেলেং চাদৰ, গামোচাৰে উষ্ণ সম্বৰ্ধনা জনাই সঁফুৰা আৰু প্রশষ্টি পত্ৰ আদিৰে ৰংগভূমি বিশেষ বঁটা ২০২১ প্ৰদান কৰা হয়। ৰংগভূমি বঁটা প্ৰদান অনুষ্ঠানতে বিশিষ্ট নাট্যকাৰ, অভিনেতা ,পৰিচালক গৌৰৱ বৰুৱাৰ পৰিচালনাত নিৰ্মিত ” নিজানৰ সুহুৰি” নামৰ কাব্যিক চুটি ছবিখনৰ প্ৰদৰ্শনে উপস্থিত দৰ্শক অভ্যাগতক মন্ত্ৰমুগ্ধ কৰি ৰাখে । বাতৰি যুগুতালে অমৃত পৱন বৰাই ।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য