ঢকুৱাখনাত আইন সেৱা প্ৰাধিকাৰীৰ চাইকেল ৰেলী

0 434

ভাৰতবৰ্ষৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ  সতে  সংগতি ৰাখি ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী আৰু  লখিমপুৰ জিলা  আইন  সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশক্ৰমে দেওবাৰে ঢকুৱাখনা সদৰত উলিওৱা হয় এক বিশাল বাই চাইকেল ৰেলীৰ।  ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদৰ পৰা দেওবাৰে পুৱা প্ৰায় ৮ বজাত শুভাৰম্ভ কৰা  আইন সজাগতা ৰেলীৰ অনুষ্ঠানিক ভাবে ফ্লেগ অফ কৰে মহকুমা ন্যায়িক দণ্ডাধীশ স্বৰস্বতী জহৰী পাদুনে । ঢকুৱাখনা মহকুমা প্ৰশাসনৰ  উদ্যোগত আয়োজিত এই সজাগতা ৰেলীত মহকুমা প্ৰশাসনৰ  সহকাৰী আয়ুক্ত মাচি তপ্ন , ঢকুৱাখনা উকীল সন্থাৰ উপদেষ্টা প্ৰশান্ত হিলৈদাৰী, সভাপতি ৰঞ্জিত কুমাৰ বৰুৱা , সম্পাদক মনোজ কুমাৰ গোঁহাইৰ নেতৃত্বত গৰিষ্ঠ সংখ্যক অধিবক্তা , লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সদস্য কৃষ্ণ ধৰ , শৰৎ বৰা , ন্যায়িক দণ্ডাধীশ আদালতৰ  কৰ্মচাৰী সকল,  ঢকুৱাখনা সদৰ থানাৰ  আৰক্ষী ,বিভিন্ন গাঁওৰ গাঁওৰক্ষী বাহিনীৰ সদস্য , হাৰ্হি মহাবিদ্যালয়ৰ ছাত্ৰ সকলৰ লগতে সাধাৰণ নাগৰিক সহ অৰ্ধ শতাধিকে স্বতঃস্ফূৰ্তভাবে এই আইন সজাগতা ৰেলীত অংশ গ্ৰহণ কৰি  চাইকেল চলাই  ৰাইজৰ মাজত  আইনী সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ চৌহদৰ পৰা বিভিন্ন গ্ৰামাঞ্চলীয় পথেৰে পৰিভ্ৰমণ কৰি নগৰৰ আলোক নগৰ হৈ পুনৰ ন্যায়িক আদালত প্ৰাংগণত সামৰণি মৰা এই সজাগতা ৰেলীৰ  যাত্ৰা কালত অংশগ্ৰহণকাৰী সকলে কোভিড বিধি পালনেৰে বিভিন্ন পথচাৰী , সাধাৰণ নাগৰিক, ব্যৱসায়ী আদিৰ মাজত  বিনামূলীয়া আইনী সাহাৰ্য প্ৰদানৰ  বিভিন্ন পৰামৰ্শ সম্বলিত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে  এই সুবিধা গ্ৰহণৰ বাবে নাগৰিক সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.