পলাশবাৰীৰ উপৰহালীত পাঁচ দিনীয়া মুগা-সূতা কটা, সাত দিনীয়া গাহৰি পালনৰ প্ৰশিক্ষণ সফল সামৰণি

0 240

গুৱাহাটী খানাপাৰাস্থিত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ উদ্যোগত আৰু জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলাৰ সহযোগত পলাশবাৰীৰ উপৰহালী গাঁও পঞ্চায়তৰ সভাকক্ষত অলপতে ৫ দিনীয়া সোণালিকা মেচিনৰ সহযোগত মূগা কটা প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়‌। জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ দাসৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণৰ শিৱিৰ মুকলি কৰে উপৰহালীস্থিত অসম গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তাৰকেশ্বৰ কলিতাই। প্ৰশিক্ষণত খানাপাৰাস্থিত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ সঞ্চালক তথা বৈজ্ঞানিক “ডি” ড০ জয়ন্ত ঘোষে প্ৰশিক্ষণত অংশ গ্ৰহণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলোক ৮০ শতাংশ ৰেহাই মূল্যত সোণালিকা মেচিন যোগান ধৰাৰ লগতে কেন্দ্ৰীয় ৰেচম বোৰ্ড বাংগালুৰ অধীনত একোখনকৈ চৰকাৰী প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক প্ৰত্যেক দিনাই ১৫০ টকাকৈ ভাট্টা লাভ কৰিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰি মহিলা মূগা শিপিনীসকলে মূগা সূতা কামত ভালকৈ নিয়োজিত হৈ নিজকে স্বাৱলম্বী হোৱাৰ বাবে আহ্বান জনায়। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বিষয়ববীয়া ড০ ৰাজীৱ মুঞ্চী, অনুপ বৰ্মন উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলৰ মাজত প্ৰাক প্ৰাথমিক মূগাৰ ওপৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে মূগা কিমান বিধ, কোনবোৰ মূগাৰ আঁহ বেছি লগতে বজাৰ মূল্য, বছৰি উপাৰ্জন তথা লাভ আদি সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানৰ মাজে মাজে উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংক, গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰণৱজ্যোতি শৰ্মাই উপস্থিত থাকি জীৱন বীমা, ঋণ লোৱা, ঋণ পৰিশোধ কৰা আদি বিষয়ত বিতংভাৱে ব্যাখ্যা আগবঢ়ায়। প্ৰশিক্ষণত ২০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ কাৰিকৰী টেকনেচিয়ান ডিগম্বৰ প্ৰসাদ, চন্দ্ৰ গগৈ আৰু দিপালী ৰাভাই উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক মূগাৰ ওপৰত ব্যৱহাৰিক দিশৰ ওপৰত জ্ঞান দিয়ে। উক্ত প্ৰশিক্ষণৰ অন্তিম দিনা প্ৰশিক্ষাৰ্থী সকলৰ মাজৰ পৰা প্ৰতিবেদন পাঠ, গীত, বক্তব্য প্ৰদান কৰে ক্ৰমে মনোমতি দাস, সৰলা দাস, মীৰা দেৱী আৰু সংগীতা ঠাকুৰীয়াই। শেষত তত্বাৱধায়ক মুনীন্দ্ৰ দাসৰ শলাগৰ শৰাইৰে পাঁচদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণী পৰে। আনহাতে, কামৰূপ জিলাৰ উপৰহাস্থিত অসম গ্ৰামীণ বিকাশ বেংক, গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰদ্বাৰা গ্ৰাম্যঞ্চলৰ যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ বাবে অলপতে সাতদিনীয়া গাহৰি পালন প্ৰশিক্ষণৰ সফল সামৰণী পৰে। এই উপলক্ষে প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষক প্ৰণৱ শৰ্মাই আঁতধৰা অনুষ্ঠানৰ আদৰণী ভাষণ পাঠ কৰে গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰিচালক টংকেশ্বৰ কলিতাই। অনুষ্ঠানত দক্ষিণ কামৰূপৰ জ্যেষ্ঠ সাংবাদিক বলেন কলিতাই উপস্থিত থাকি গাহৰি পালন কৰি কেনেদৰে স্বাৱলম্বী হৈ নিজৰ লগতে আন দহজনকো স্বাৱলম্বীতাৰ পথ দেখুৱাব পাৰে তাৰ বিষয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানত ৩১ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা অনুষ্ঠানত সহযোগিতা আগবঢ়ায় কাৰ্যালয়টোৰ সহায়িকা পাৰিজাত সন্দিকৈয়ে।
বাতৰি যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.