ঢকুৱাখনাৰ মহকুমাধিপতি ৰূপে কাৰ্তিক কলিতাৰ কাৰ্যভাৰ গ্ৰহণ

0 121

অসম অসামৰিক সেৱাৰ বিষয়া কাৰ্তিক কলিতাই শুক্ৰবাৰে ঢকুৱাখনা মহকুমাৰ ২১ সংখ্যক মহকুমাধিপতি হিচাবে  কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মাজুলী জিলাত অতিৰিক্ত উপায়ুক্ত হিচাবে প্ৰশাসনীয় সেৱা আগবঢ়াই যোৱা কলিতাক ৰাজ্য চৰকাৰে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাবে বদলি কৰি ঢকুৱাখনা মহকুমাত ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাবে অতিৰিক্ত দায়িত্বৰে নিযুক্তি দিছে । শুক্ৰবাৰে দুপৰীয়া প্ৰায় ১১ বজাত ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা শেহতীয়া ভাবে অতিৰিক্ত উপায়ুক্ত হিচাবে পদোন্নতি লাভ কৰা ৰাহুল দলেৰ পৰা মহকুমাধিপতিৰ কাৰ্যভাৰ কলিতাই আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে ।ঢকুৱাখনা মহকুমা প্ৰশাসনত মহকুমা নিৰ্বাচনী বিষয়া হিচাবে ইতিপূৰ্বে জনমুখী সেৱা আগবঢ়াই যোৱা কলিতাৰ সুদক্ষ আৰু জনস্বাৰ্থমুখী প্ৰশাসনিক দক্ষতাত স্থিতাবস্থামুখী প্ৰশাসনীয় ব্যৱস্থাটোৱে নতুন গতিশীলতা লাভ কৰিব বুলি মহকুমাবাসীয়ে আশা প্ৰকাশ কৰিছে । শুক্ৰবাৰে কাৰ্যভাৰ গ্ৰহণ পৰ্বত ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে ,সহকাৰী আয়ুক্ত অভিজাত বৰুৱা , মানস জ্যোতি দাস , মুখ্য সহায়ক ধীৰেন ফুকনকে ধৰি বহু কেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকি নব নিযুক্ত মহকুমাধিপতি গৰাকীক আদৰণি জনাই ।  ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া , মিচিং জাতিয় সংগঠন টাকাম মিচিং পৰিন কৌবাংৰ ঢকুৱাখনা জিলা সমিতিৰ অমৰজিৎ দলে আদি বিভিন্ন দল সংগঠনে নৱনিযুক্ত মহকুমাধিপতি গৰাকীক উষ্ণ আদৰণি জনাইছে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.