ঢকুৱাখনাৰ ১ নং কৃষ্ণপূৰ গাঁৱত যুগজয়ী পৰম্পৰাৰে বোকা বিহু পালন

0 241

লখিমপুৰ জিলাৰ  ঢকুৱাখনা মহকুমাৰ এখন শ্ৰমজীৱী ৰাইজৰ বসতি প্ৰধান গাঁও ১নং কৃষ্ণপূৰ  । ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত এই শ্ৰমজীৱী ৰাইজে বাস কৰা এই গাঁও খনত বিগত প্ৰায় অৰ্ধশতিকা জোৰা থলুৱা পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি এইখন গাঁৱৰ চহা পৰিয়াল সমূহৰ উদ্যোগত শুক্ৰবাৰে  ৰঙালী বিহুৰ প্ৰথম দিনাই  উদযাপিত হ’ল বোকা বিহু ।  গাঁৱখনৰ  গৰিষ্ঠ সংখ্যক  পুৰুষ মহিলা,যুৱক যুৱতী  একত্ৰিত হৈ  এই লোক পৰম্পৰা পালন কৰে । গাঁওখনৰ ৰাইজ  ৰাজপথলৈ ওলাই আহি  পথৰ ওপৰত পংকময় অংশত উপস্থিত হৈ ইজনে সিজনক যুগজয়ী ঐতিহ্য পৰম্পৰা আৰু লোক বিশ্বাস মানি সমগ্ৰ দেহত বোকা সানি ,গাত বোকাৰে  লেটি লৈ বিহু কৰি আনন্দ  উল্লাসত মতলীয়া হয় ।  জনবিশ্বাস অনুসৰি লোক বিশ্বাস আৰু  পৰম্পৰা মানি এইদৰে বছৰৰ প্ৰথম দিনা দেহত বোকা সানিলে বিভিন্ন চৰ্ম ৰোগৰ পৰা উপশম পাই আৰু  দেহ, মন ,মগজু  শীতল হয় ।  এনেদৰে যুগ যুগান্তৰ  ধৰি উদযাপিত হৈ অহা এই  বোকা বিহুৰ প্ৰাকক্ষণৰ পুৱা  ডেকা জীয়ৰী সকল একত্ৰিত হৈ   ঘৰে ঘৰে সোমাই  এই বিহুত একাত্ম হোৱাৰ বাবে গৃহস্থক আহ্বান জনায় আৰু সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰীৰে গাঁওখনৰ মুনিহ তিৰোতা, ডেকা জীয়ৰী সকল সম্পৃক্ত হৈ বোকা বিহুত মতলীয়া হয় ।  পাছত বোকা বিহুত মতলীয়া হোৱা যুৱক যুৱতী সকল সমীপৰ দাংধৰা নদীত হাতুৰী নাডুৰী গা ধুই  অনাগত বছৰটো কুশল মংগল হোৱাৰ কামনা কৰে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.