ঢকুৱাখনা-ঘিলামৰাত আৰক্ষীৰ ত্ৰিৰংগা যাত্ৰা*

0 245

ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ ৭৫ বছৰীয়া বৰ্ণিল আৰু  স্বৰ্ণোজ্জ্বল পৰিক্ৰমাৰ সতে সংগতি ৰাখি শুক্ৰবাৰে ঢকুৱাখনা মহকুমাত আৰক্ষী বিভাগৰ উদ্যোগত উলিওৱা হয় ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী। ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা সদৰ থানা আৰু ঘিলামৰা থানাৰ উদ্যোগত শুক্ৰবাৰে দুপৰীয়া পৃথকে পৃথকে উলিওৱা হয়  এই ত্ৰিৰংগা  শোভাযাত্ৰা কাৰ্যসূচী । ঢকুৱাখনা  মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা ,সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয় ,উপ পৰিদর্শক সিদ্ধাৰ্থ নাথৰ নেতৃত্বত টাউন হাবিলদাৰ তিলক শইকীয়া, এল চি মনোজ ছেত্ৰীকে প্ৰমুখ্য কৰি মুঠ ২০ গৰাকী আৰক্ষী জোৱানৰ এটা দলে দেশভক্তি মূলক গান বজাই সদৰ থানাৰ পৰা এটা বাইক সমদল বাহিৰ কৰে।  থানা এলেকাৰ প্ৰতি ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰি শান্তি পূৰ্ণ ভাবে গৌৰৱোজ্জ্বল এই অমৃত মহোৎসবটি স্বাভিমানেৰে উদযাপন কৰাৰ বাণী বিলোৱা ঢকুৱাখনা আৰক্ষীৰ এই ত্ৰিৰংগা যাত্ৰাৰ দলটোৱে সমগ্ৰ থানা এলেকা পৰিভ্ৰমণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । তেনেদৰে ঘিলামৰা আৰক্ষী থানাৰ উদ্যোগতো শুক্ৰবাৰে দুপৰীয়া উলিওৱা হয় তদ্রুপ ত্ৰিৰংগা যাত্ৰা।থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাস , জ্যেষ্ঠ উপ পৰিদর্শক হেমন্ত কোঁৱৰ , উপ পৰিদর্শক উমা বৰুৱাৰ নেতৃত্বত গৰিষ্ঠ সংখ্যক আৰক্ষীৰ জোৱানে হাতত ত্ৰিৰংগ পতাকা লৈ ঘিলামৰাৰ ৰাজপথেৰে সজাগতা বৃদ্ধিমূলক শোভাযাত্ৰা কৰে। শোভাযাত্ৰাকাৰী আৰক্ষীৰ দলটোৱে প্ৰখৰ ৰদকো নেওচি হাতে হাতে জাতীয় পতাকা লৈ ,দেশভক্তি মূলক শ্লোগান দি খোজ কাঢ়ি ৰাজ্যিক ঘাই পথেৰে ঘিলামৰা তিনিআলি হৈ  তিনি দিনীয়াকৈ অনুষ্ঠিত অমৃত মহোৎসৱটি  সাৰ্বজনীন ভাবে উদযাপনৰ আহ্বান জনায় সজাগতা সৃষ্টি কৰি পুনৰ থানা চৌহদত এই ত্ৰিৰংগা যাত্ৰাৰ সামৰণি মাৰে । মহকুমাটোৰ ৭০২ নং কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান , গ্ৰাম্য গোট সমূহৰ উদ্যোগতো এই ত্ৰিৰংগা যাত্ৰা আৰু প্ৰভাত ফেৰী কাৰ্যসূচী নিজ নিজ এলেকাত উলিওৱা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.