ঢকুৱাখনা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

0 167

ৰাজ্যখনৰ ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টি (অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত) ৰ চূড়ান্ত ভোটাৰ তালিকা বৃহস্পতি বাৰে প্ৰকাশ কৰা হৈছে। ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই বৃহস্পতি বাৰে  আনুষ্ঠানিক ভাৱে এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। এই সন্দৰ্ভত উপ জিলা আয়ুক্তৰ সভাগৃহত অনুষ্ঠিত সাংবাদিক মেলত উপ আয়ুক্ত কলিতাৰ লগতে নিৰ্বাচনী বিষয়া পাৰ্থ প্ৰতীম বৰুৱা উপস্থিত থাকে। সদ্য প্ৰকাশিত  সমষ্টিটোৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হল ১ লাখ ৬০ হাজাৰ ৪৫৭ গৰাকী । ইয়াৰে মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ৮০ হাজাৰ ৭৯৫ গৰাকী । মুঠ মহিলা ভোটাৰৰ সংখ্যা হল ৭৯ হাজাৰ ৬৯২ গৰাকী  । ইয়াৰে চাৰ্ভিছ ভোটাৰৰ সংখ্যা হল ৪০৯ গৰাকী। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি পূৰ্বতকৈ ৩৮ টা ভোট  বৃদ্ধি পালে। মুঠ ১৯৮ টা ভোট কেন্দ্ৰ বিশিষ্ট সমষ্টিটোৰ  নতুন ভোটাৰ সংযোগ  হল ৪ হাজাৰ ৩৭৮ গৰাকী।কৰ্তন হল ৪ হাজাৰ ৩৪০ গৰাকী ভোটাৰ । এই  সংশোধনী প্ৰক্ৰিয়া মতে ১ হাজাৰ ১৮৩ টা ভোট শুধৰণি কৰা হয় । উপ জিলা আয়ুক্ত আৰু মহকুমা নিৰ্বাচনী বিষয়াই জনোৱা মতে ভোটাৰৰ কিবা সংযোজন থাকিলে সংশ্লিষ্ট বি এল অ অথবা  ভোটাৰ এপ যোগে নাম অন্তৰ্ভূক্তি কৰিব পাৰিব। সমষ্টিটোৰ সকলো ৰাজনৈতিক দলক এই প্ৰক্ৰিয়াটোৰ সৈতে সক্ৰিয় ভাবে সহযোহিতা কৰাৰ আহ্বান জনায়।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.