ঢকুৱাখনা হৰ ঘৰ দস্তক অভিযানৰ সফল সামৰণি

0 212

ঘৰে বাৰীয়ে, খেতিয়ে-পথাৰে ,পদব্ৰজে অথবা ,নাৱত উঠি সীমাহীন কষ্ট স্বীকাৰেৰে ঢকুৱাখনা স্বাস্থ্য খণ্ডত ৰাজ্য চৰকাৰৰ “হৰ ঘৰ দস্তক” আঁচনিখনৰ সফল পৰিসমাপ্তি ঘটিল।কোভিড ভেকচিন  প্ৰদান অভিযান আঁচনিখনৰ ৰাজ্যিক পৰ্যবেশক, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব লীনা  দাস , উপায়ুক্ত শোণিত ছটাৱান , উন্নয়ন আয়ুক্ত মনোজ বৰুৱাৰ নিৰন্তৰ প্ৰয়াস ,ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ ডাঃ মনেশ্বৰ সোণোৱাল ,খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু ,ব্লক কমিউনিটি মেনেজাৰ ৰাকেশ দিহিঙীয়া , খণ্ডটোৰ সকলো স্বাস্থ্য কৰ্মীৰ সকলে  বিগত ৮ দিন ধৰি  বান্ধি লোৱা ৩ হাজাৰ ৪০০ কোভিড ১৯ প্ৰতিষেধক গ্ৰহণ নকৰা ব্যক্তিক ৮ টা দিনৰ ভিতৰত প্ৰদান কৰিবলৈ সক্ষম হল প্ৰশাসন আৰু স্বাস্থ্য বিভাগ।আজি  স্বাস্থ্য বিভাগৰ সূত্ৰে জনোৱা মতে বিগত  কোৰোনা কালীন পৰিস্থিতিত ঢকুৱাখনা স্বাস্থ্য বিভাগে প্ৰদান কৰা বিনামূলীয়া ভেকচিন প্ৰদান অভিযানত খণ্ডটোৰ ৩ হাজাৰ ৪০০ ব্যক্তিয়ে (ভোটাৰ তালিকা ভিত্তিত) এই ভেকচিন গ্ৰহণ কৰা নাছিল বিভিন্ন অজুহাত দেখুৱাই অথবা  ইচ্ছাকৃত ভাবে। কিন্তু  শেহতীয়া ভাবে “হৰ ঘৰ দস্তক” আঁচনিৰ অধীনত চলোৱা ধাৰাবাহিক অভিযানৰ কালত বুধবাৰৰ পৰ্যন্ত মুঠ ৪ হাজাৰ ২৭৬ গৰাকী ব্যক্তিক প্ৰথম পালি ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হ`ল স্বাস্থ্য বিভাগ। ইয়াৰে কিছু সংখ্যক ব্যক্তি স্বাস্থ্য জনিত কাৰণত বিধিগত ভাবে বাদ পৰা বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে। বিভাগীয় সূত্ৰই জনোৱা মতে অনাগত দিনবোৰটো এই প্ৰতিষেধক প্ৰদান কৰ্মসূচী অব্যাহত থাকিব স্বাস্থ্য বিভাগৰ বিভিন্ন ভেকচিন প্ৰদান কেন্দ্ৰত।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.