ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ বিশাল ত্ৰিৰংগা যাত্ৰা

0 367

ভাৰতবর্ষৰ  গৌৰৱোজ্জ্বল ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ সতে সংগতি ৰাখি ৰাষ্ট্ৰজুৰি পালিত হোৱা স্বাধীনতাৰ অমৃত মহোৎসৱৰ সফল উদযাপনৰ বাৰ্তা বহন কৰি শনিবাৰে ঢকুৱাখনাত ত্ৰিৰংগা সজাগতা শোভাযাত্ৰা উলিওৱা হয় । ঢকুৱাখনা  ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত শনিবাৰে  দুপৰীয়া চক্ৰ বিষয়া ৰাহুল দলেৰ নেতৃত্বত ,কাননগুহ জীতেন গগৈ , ১২ গৰাকী লাট মণ্ডল , চক্ৰটোৰ লাট গাঁও প্রধান সন্থাৰ সভাপতি ভোগেশ্বৰ চমুৱা ,সম্পাদক খগেন পেগু সহ ৪০ গৰাকী গাঁও প্ৰধান আৰু তৰণী সমাজৰ সহযোগত প্ৰবল বৰষুণকো উপেক্ষা কৰি  উলিওৱা হয় বৃহৎ ত্ৰিৰংগা সজাগতা শোভাযাত্ৰা । অৰ্ধশতাধিক  বাইকত  ত্ৰিৰংগ পতাকা লৈ  বন্দে মাতৰম ধ্বনি দি ,দেশপ্ৰেম মূলক গীতৰ প্ৰচাৰেৰে চক্ৰ বিষয়া দলেৰ নেতৃত্বত যোৱা সজাগতা শোভাযাত্ৰাকাৰী সকলে ৰাজহ চক্ৰটোৰ  বৃহৎ এলেকা ৰাজপথেৰে পৰিভ্ৰমণ কৰে । শোভাযাত্ৰাকাৰী সকলে গৌৰৱোজ্জল স্বাধীনতাৰ অমৃত মহোৎসৱটি ঘৰে ঘৰে উদযাপন কৰি  স্বাভিমানী দিৱসটোৰ সতে একাত্ম হোৱাৰ আহ্বান জনায় পুনৰ কাৰ্য্যালয়ত ত্ৰিৰংগা শোভাযাত্ৰাৰ সামৰণি মাৰে । ইপিনে ঢকুৱাখনাৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ নামজ্বলা শিক্ষানুষ্ঠান  চেইণ্ট থমাছ স্কুলৰ অধ্যক্ষ চেবি এম বেবীৰ উদ্যোগত আৰু সমূহ শিক্ষক শিক্ষাৰ্থীৰ সহযোগত বৃহৎ সজাগতা সমদল উলিওৱা হয় । সমগ্ৰ ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমণ কৰি পৰৱৰ্তী সময়ত বিদ্যালয় প্ৰাংগণত দেশভক্তি মূলক বৰেণ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । তেনেকৈ পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয় ,ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় , ঢকুৱাখনা চেণ্ট্ৰেল স্কুল আদি শিক্ষানুষ্ঠানৰ উদ্যোগতো বিশাল ত্ৰিৰংগা সজাগতা শোভাযাত্ৰা আৰু প্ৰভাত ফেৰী উলিয়াই স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে জনসাধাৰণক সম্পৃক্ত হোৱাৰ লগতে ঘৰে ঘৰে স্বাভিমানী জাতিয় পতাকা উত্তোলনৰ আহ্বান জনায়।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.