মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত ডঃ ভবেন্দ্ৰ নাথ শইকীয়া পথত গছপুলি ৰোপণ লোক নিৰ্মাণ বিভাগৰ

0 258

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ , পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু গোলকীয় উত্তাপ ৰোধ কৰাৰ লগতে সকলো চৰকাৰী কাৰ্যালয় , শিক্ষানুষ্ঠান চৌহদ , বাট পথ সমূহ যাতে গছ গছনিৰে সেউজীয়া হৈ থাকে তাৰ বাবে “মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প” নামৰ এক বিশেষ কাৰ্যসূচী ১৭ জুলাইত আৰম্ভ কৰিছিল । এই অভিলাসী কাৰ্যসূচীৰ অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসত সামৰণি পৰিব । আনহাতে এই কাৰ্যসূচীৰ অধীনত অসমৰ এজন স্বনামধন্য সাহিত্যিক , ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যুতিথিৰ লগত সংগতি ৰাখি আজি অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত গুৱাহাটীৰ অন্যতম ব্যস্ততাপূৰ্ণ পথ হিচাপে পৰিচিত ডঃ ভবেন্দ্ৰ নাথ শইকীয়া পথৰ দুয়ো দাঁতিত গছপুলি ৰোপণ কৰা হয় । পথছোৱাৰ শংকৰদেৱ নেত্ৰালয়ৰ এটা বকুলৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে লোকনির্মাণ বিভাগৰ বিশেষ আয়ুক্ত – সচিব ৰাজেশ কেম্পৰায়ে । আনহাতে কাৰ্যসূচীত লোকনির্মাণ পথ বিভাগৰ সচিব দেৱজিৎ ভূঞা , মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম , দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলু ৰঞ্জন ডেকা , সহকাৰী কাৰ্যবাহী অভিযন্তা ক্ৰমে – বিশ্বজিৎ কলিতা , বন্দনা শইকীয়া , মুনীন্দ্ৰ ডেকা , ৰূপজিৎ নাথে ভাগ লৈ নাহৰ , জামু , আঁহত , কৰবী , দেৱদাৰুকে ধৰি বিভিন্ন প্ৰজাতিৰ ৩০ টা গছপুলি পথৰ দুয়োফালে ৰোপন কৰে ।

Leave A Reply

Your email address will not be published.