ঢেঁকীক নৰূপ দিয়া এজন ব্যক্তি

3 367

অসমীয়া জাতীয় জীৱনৰ অতিশয় আদৰৰ একালৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য্য সম্পদ ঢেঁকী। সকলোৰে পৰিচিত এই ঢেঁকীটো আমাৰ সমাজ জীৱনৰ পৰা ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে। তেনে সময়ত এই সম্পদটি আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰি পুনৰ উদ্ধাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ব্যক্তিয়ে। ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। গ্ৰাম্যাঞ্চল সমূহত এতিয়া হেঁপাহৰ বিহুটোক আদৰিবলৈ সীমাহীন ব্যস্ততা। কেইদশকমান আগলৈকে ঢেঁকীক বাদ দি অসমীয়াৰ বাপতি সাহোন বিহু কেইটাৰ কথা ভাবিবলৈ নোৱাৰিছিল। কাৰণ বিহুৰ কেইদিনমান পূৰ্বৰ পৰা গাঁৱৰ জীয়ৰী – বোৱাৰী সকলোৱে মিলি ঘৰে ঘৰে চিৰা, পিঠা, সান্দহ খুন্দি আনন্দ ফূৰ্তি কৰাৰ মাদকতাই সুকীয়া আছিল। কিন্তু আধুনিকতাৰ গ্ৰাসত পৰি ঢেঁকীৰ শব্দ গ্ৰাম্যাঞ্চলৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে। এনে এক সন্ধিক্ষণত ঢেঁকী পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ৰাজগড়ৰ সমীপৰ লেৰেলা পথাৰ গাঁৱৰ নিবাসী জিতেন কাকতিয়ে।

ব্যক্তিজনে আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা ঢেঁকী ইতিমধ্যে ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। ব্যক্তিজনে নিৰ্মাণ কৰা ঢেঁকী পাতিবলৈ গাডীশালী বাবে কোনো গাঁত খন্দাৰ প্ৰয়োজন নাই। যিকোনো ঠাইতে নিজৰ ইচ্ছামতে এই ঢেঁকী বহুবাই প্ৰয়োজনীয় কাম সামাধা কৰি পুনৰ অন্য ঠাইত থৈ দিব পাৰি৷ সম্পূৰ্ণ শিলিখা কাঠেৰে নিৰ্মাণ এই ঢেকী পাতিবলৈ যথেষ্ট কম ঠাইৰ প্ৰয়োজন। ব্যক্তিজনে জানিব দিয়ামতে আধুনিক ঢেঁকীৰে ২০ মিনিটতে ২ কে:জি চাউল খুন্দিব পাৰি। ব্যক্তিজনে তিনিবছৰৰ পূৰ্বে এই আধুনিক ঢেঁকী উদ্ভাৱন কৰিছিল। কিন্তু ২০১৫ বৰ্ষৰ এপ্ৰিল মাহৰ পৰাহে কাৰ্যত ৰূপায়ন কৰি মুকলি ভাৱে ৰাইজৰ মাজত উলিয়াই দিছে। প্ৰতিটো ঢেঁকীৰ মূল্য ৪০০ টাকা। ২০১৫ চনতে এই আধুনিক ঢেঁকীক জে কে উদ্যোগ নামেৰে চৰকাৰী পঞ্জীয়ন কৰাই প্ৰতিটো ঢেঁকী ৫৫০০ টকাকৈ বিক্ৰী কৰি আহিছে ব্যক্তিজনে। প্ৰায় পাঁচ ফুট দৈৰ্ঘ্যৰ এই ঢেঁকীটো এতিয়া উজনিৰ বহু মহিলাৰ আৰু বহু পৰিয়ালৰ বাবে অতিকৈ মৰমৰ হৈ পৰিছে আধুনিক বিজ্ঞান আৰু যান্ত্ৰিক যুগৰ প্ৰভাবে ক্ৰমান্বয়ে অপৰিহাৰ্য ঢেঁকী এতিয়া অনাদৃত অৱহেলিত হোৱাৰ সময়তে ঢেঁকীক আধুনিক ৰূপ দি জনপ্ৰিয় কৰি পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস নিশ্চয়কৈ আদৰণীয়।

দেৱজিৎ গগৈ, টিংখাং

3 Comments
  1. ভাস্কৰ ভাজনী says

    অসমীয়া গ্ৰাম্য জীৱনৰ অতিকে চিনাকী আৰু প্ৰয়োজনীয় তথা আদৰৰ সম্পদ এই ঢেঁকীক আধুনিক ৰূপ দি মৃত্যুৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ নৱৰূপ প্ৰদাণ কৰা শ্ৰীযুত জিতেন কাকতি দেৱৰ প্ৰচেষ্ঠা আক্ষৰিক অৰ্থতেই প্ৰশংসনীয় আৰু আদৰণিয় |তেখেতৰ এই পদক্ষেপৰ প্ৰতি মোৰ তৰফৰ পৰা বিনম্ৰ শলাগ জনোৱাৰ লগতে এই সুন্দৰ আৰু ইতিবাচক খৱৰ যুগুতোৱা দেৱজিত গগৈ ডাঙৰীয়াৰ প্ৰতিও আন্তৰিক ধন্যবাদ নিবেদিলো |
    – ভাস্কৰ ভাজনী , বৰহাট,চৰাইদেউ ,৭৮৫৬৯৩

  2. Ajoy says

    Amar puroni xompod bilak pahori jabo nalge. Val prosesta

  3. Joy says

    প্ৰশংসনীয় প্ৰচেষ্ঠা

Reply To Joy
Cancel Reply

Your email address will not be published.