বিটিচি নিৰ্বাচন উপলক্ষে তামুলপুৰ জিলাৰ তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল চৌহদত জিলাখনৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ জ’নেল আৰু ছেক্টৰ (আৰক্ষী আৰু চিভিল) বিষয়াসকলৰ এখন সভা জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াগৰাকীৰ আহ্বানমৰ্মে অসমৰ জনতাৰ হিয়াৰ আমঠু, মৰমৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগু তথা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ ৫টা জ’নৰ জ’নেল বিষয়া আৰু ৩২টা ছেক্টৰৰ ছেক্টৰ বিষয়াসকল উপস্থিত থাকে। বিষয়াসকলে পৰস্পৰৰ মাজত চিনাকি হৈ ফোন নম্বৰসমূহ আদান-প্ৰদান কৰে। নিৰ্বাচন সম্পৰ্কীয় কৰণীয় সকলো কথা জিলা নিৰ্বাচনী বিষয়া, নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে পুংখানুপুংখভাৱে বুজাই দিয়ে। বিষয়াসকলক কাইলৈ পুৱা ৫.৩০ বজাতে তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে। ২২ ছেপ্টেম্বৰৰ পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কৰি আবেলি ৪ বজাত ভোটগ্ৰহণ সমাপ্ত হ’ব। উল্লেখ্য যে এইবাৰ তামুলপুৰত “সেউজ নিৰ্বাচন” থীম হিচাপে লৈ পৰিৱেশ-অনুকূল নিৰ্বাচনত গুৰুত্ব দিয়া হৈছে। তাৰ লগত সংগতি ৰাখি ভোটগ্ৰহণৰ দিনা পুৱা ৭ বজাৰ আগতে ভোটগ্ৰহণকাৰী দলক ভোটগ্ৰহণ কেন্দ্ৰত বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত কৰিবলৈ জিলা নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী পৰ্যৱেক্ষকে সকলোকে আহ্বান জনাইছে। পুলিসমূহৰ প্ৰতিপালনৰ দায়িত্বও জিলা প্ৰশাসনে ল’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ