তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি বি টি আৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যুৱপ্ৰজন্মৰ জীৱন-জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি জব্ মেলা আৰু লোন মেলা অনুষ্ঠিত হয়। ইয়াৰ সমান্তৰালভাৱে নৱগঠিত জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে “তামুলপুৰ গ’ল্ড ইনিচিয়েটিভ” শীৰ্ষক এটি গুৰুত্বপূৰ্ণ প্ৰকল্পৰো শুভ উদ্বোধন কৰা হয়। জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উদ্যোগ আৰু বিভিন্ন বিভাগ তথা বেংকৰ সহযোগত আজি প্ৰথমবাৰৰ বাবে আয়োজিত লোন মেলাত মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ কৰা হয়, যিবোৰ চৰকাৰী আঁচনিৰ সমৰ্থিত লোন বিভিন্ন বিভাগত পেণ্ডিং হৈ আছিল। আনহাতে লোন মেলাত ১.২ কোটি টকাৰ ৬২টা লোন বিবেচনাধীন হৈ আছে। ষ্টেট বেংক অৱ ইণ্ডিয়া, অসম গ্ৰামীণ বিকাশ বেংক, এইচ ডি এফ চি, ইউকো বেংক, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, কানাড়া বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকে এই লোন মেলাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ বিপৰীতে বিভাগসমূহ আছিল— অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, হস্ততাঁত আৰু বস্ত্ৰ শিল্প, কৃষি, মীন, উদ্যোগ আৰু বাণিজ্য, পশুপালন আৰু এ পি ডি চি এল। আনহাতে এ এছ ডি এম আৰু এন আৰ ডি এছৰ সহযোগত জিলা প্ৰশাসনে আয়োজন কৰা আজিৰ জব্ মেলাত ১৮টা কোম্পানীৰ লগতে ৫৫০গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে।অনলাইনযোগে আবেদন কৰা ১,৭০৫গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭০০গৰাকীক আজি জব্ মেলালৈ মতা হৈছিল।
লগতে জিলাখনৰ বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত উদ্যোগ আদিৰ পৰিৱেশ গঢ়ি তোলাৰ মানসিকতাৰে জিলা প্ৰশাসনে মুকলি কৰা “তামুলপুৰ গ’ল্ড ইনিচিয়েটিভ”-এ ১৩টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম হাতত লৈছে। এই সম্পৰ্কে জিলা আয়ুক্তগৰাকীয়ে কয়— “তামুলপুৰ গ’ল্ড হৈছে আত্মনিৰ্ভৰশীলতা আৰু সৰ্বাংগীন বিকাশৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আমি একেলগে তামুলপুৰক প্ৰগতি আৰু সুশাসনৰ আদৰ্শ জিলালৈ ৰূপান্তৰিত কৰিব পাৰো।” স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা আজিৰ অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, মনোনীত পাৰিষদ হেমন্ত ৰাভা, এছ ডি আৰ গ্ৰুপৰ ছিনিয়ৰ ডাইৰেক্টৰ মুকুল ডেকা, অসম গ্ৰামীণ জীৱিকা অভিযানৰ এছ পি এম পল্লৱ গোস্বামী সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ উপৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য যুৱক-যুৱতীও উপস্থিত থাকে।