তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ

0 5

ৰাজ্যৰ স্বাস্থ্যখণ্ডত চলি থকা আন্তঃগাঁথনি উন্নয়ন আৰু গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে আজি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে তামুলপুৰৰ নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল তথা নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্যসেৱাৰ বিভিন্ন দিশৰ বুজ লয়। দিনজোৰা কাৰ্যসূচীত তেওঁ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি, চিকিৎসা সেৱাৰ মান, চিকিৎসা শিক্ষা, স্বাস্থ্য সূচক, বিভিন্ন ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীৰ ৰূপায়ণ আৰু ভৱিষ্যৎ কৰণীয়ৰ ওপৰত বিস্তৃত পৰ্যালোচনা কৰে।

প্ৰথমে তামুলপুৰত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে নিৰ্মীয়মাণ তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। চৌহদৰ বিভিন্ন অংশ পৰিদৰ্শন কৰাৰ পাছত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত নিৰ্মাণকাৰ্যৰ অগ্ৰগতি, বাকী থকা কামসমূহ, চিকিৎসালয়ৰ সা-সুবিধা আৰু ভৱিষ্যৎ কাৰ্যপৰিকল্পনাৰ ওপৰত আলোচনা কৰা হয়।

পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত স্বাস্থ্যমন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আত্মনিৰ্ভৰ, প্ৰগতিশীল আৰু সুৰক্ষিত অসমৰ যি দৃষ্টিভংগী, তামুলপুৰ চিকিৎসা মহাবিদ্যালয় সেই দৃষ্টিভংগীৰ এক জীৱন্ত প্ৰতিফলন। তেওঁ কয় যে এনে আধুনিক চিকিৎসা প্ৰতিষ্ঠান তামুলপুৰৰ দৰে অঞ্চলত গঢ়ি উঠিব বুলি এসময়ত বহুতে কল্পনাও কৰা নাছিল। এই চিকিৎসা মহাবিদ্যালয়ৰ আধুনিক স্থাপত্য, বিস্তৃত পৰিসৰ আৰু উন্নত আন্তঃগাঁথনি ৰাজ্য চৰকাৰৰ স্বাস্থ্যখণ্ড উন্নয়নৰ প্ৰতিশ্ৰুতিৰ এক সুস্পষ্ট নিদৰ্শন বুলিও তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰায় ৯০ শতাংশ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। বাকী থকা প্ৰায় ১০ শতাংশ কাম অহা চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। সেই অনুসৰি প্ৰথম পৰ্যায়ত বহিঃ বিভাগ (OPD) সেৱা আৰম্ভ কৰা হ’ব। ইয়াৰ পিছত প্ৰয়োজনীয় নিয়ামক সংস্থাৰ অনুমোদন লাভ কৰাৰ পাছত অহা শিক্ষাবৰ্ষৰ পৰা চিকিৎসা শিক্ষা আৰম্ভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

ইয়াৰ পিছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি বহিঃ বিভাগ ভৱন, প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিভাগ, শিশু ৰোগ বিভাগকে ধৰি বিভিন্ন বিভাগত আগবঢ়োৱা স্বাস্থ্যসেৱা, চিকিৎসা আন্তঃগাঁথনি, চিকিৎসা সা-সুবিধা আৰু ৰোগীক প্ৰদান কৰা সেৱাৰ মানদণ্ডৰ বুজ লয়। চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু বিষয়াসকলৰ সৈতে মত-বিনিময় কৰি ৰোগীক অধিক উন্নত আৰু সময়োপযোগী স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

ইয়াৰ পিছত অনুষ্ঠিত বিস্তৃত পৰ্যালোচনা সভাত নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সামগ্ৰিক কাৰ্যকলাপৰ লগতে নলবাৰী জিলা স্বাস্থ্য বিভাগৰ স্বাস্থ্য সূচক, বিভিন্ন ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীৰ অগ্ৰগতি আৰু স্বাস্থ্য ব্যৱস্থাপনাৰ ওপৰত বিশদ আলোচনা কৰা হয়। সভাত বহিঃ বিভাগ সেৱা অধিক শক্তিশালীকৰণ, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ পদ খালী অৱস্থা, মাতৃ মৃত্যুৰ হাৰ (MMR), শিশুৰ মৃত্যুৰ হাৰ (IMR), ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যসূচী (RBSK), ৰাষ্ট্ৰীয় কৈশোৰ স্বাস্থ্য কাৰ্যসূচী (RKSK), অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (NCD) আদি বিষয়সমূহ পৰ্যালোচনা কৰি প্ৰয়োজনীয় দিশ-নিৰ্দেশনা প্ৰদান কৰা হয়।

জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে হোৱা মত-বিনিময়ত স্বাস্থ্যমন্ত্ৰী সিংহলে চিকিৎসা ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চৰকাৰৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ প্ৰতিজন নাগৰিকক সময়োপযোগী, গুণগত আৰু সহজলভ্য স্বাস্থ্যসেৱা প্ৰদান কৰা। সেই লক্ষ্য বাস্তৱায়িত কৰিবলৈ চিকিৎসা মহাবিদ্যালয়, জিলা স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহৰ মাজত অধিক সমন্বয়ৰ প্ৰয়োজনীয়তা আছে।

সভাত জিলাখনৰ স্বাস্থ্য খণ্ডত উদ্ভৱ হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ দ্ৰুত সমাধানৰ উদ্দেশ্যে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু জিলা স্বাস্থ্য বিভাগৰ মাজত প্ৰতিমাহে সমন্বয় সভা অনুষ্ঠিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে নীতি-নিৰ্ণয়, পৰিকল্পনা, সেৱা প্ৰদান আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত অধিক গতিশীলতা আৰু সমন্বয় নিশ্চিত হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

তামুলপুৰৰ পৰিদৰ্শন কাৰ্যসূচীত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্তৰ কুমাৰ দাস, বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী, কাৰ্যবাহী সদস্য লক্ষী দাস, তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিজিত কুমাৰ দুৱৰা, জিলা আয়ুক্ত চিমি কৰণ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, বিভাগীয় বিষয়া-কৰ্মচাৰী, দলীয় নেতা-কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।আনহাতে, নলবাৰীত অনুষ্ঠিত পৰ্যালোচনা সভাত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, স্বাস্থ্য বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি. অশোক বাবু, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক, স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গ আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.