তামোলৰ পতাকা..এক জাতীয় গৌৰৱ

0 285

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চৰ্চালৈ আহিছে ডিব্ৰুগড় শান্তিপাৰাৰ মুন্না আচাৰ্য্য। কিয়নো মুন্না আচাৰ্য্যই অসমীয়া জনজীৱনৰ অন্যতম পৰিচায়ক তামোলত অংকন কৰিছে ২৩০ দেশৰ বিভিন্ন পতাকা। সমূহ দেশৰ বীৰ শ্বহীদৰ নামত এটা তামোলত অঁকা পতাকা সমূহ উৎসৰ্গা কৰিছে। উল্লেখযোগ্য যে মুন্না আচাৰ্য্যৰ এই প্ৰচেষ্টা প্ৰায় ২ বছৰৰ। এই সম্পৰ্কে মুন্না আচাৰ্য্যই Nefocus.comক এনেদৰে কয় অসমৰ প্ৰতি থকা দায়বদ্ধতা আৰু জাতীয়তাবোধৰ পৰিপ্ৰেক্ষিতত এইদৰে তামোলৰ ওপৰত বিভিন্ন ৰঙৰ পতাকা অংকন কৰো। ইতিমধ্যে কলাৰ প্ৰতিভাৰে বহুকেইটা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছো। বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ পৰা সহযোগ পালে এনে কাম বহুতো কৰিব পাৰিম।

Leave A Reply

Your email address will not be published.