নিবনুৱা যুৱতী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে জ্যোতিকুছীত উদ্ধোধন হ’ল পিংকিছ বিউটি ট্ৰেইনিং এণ্ড পাৰ্লাৰ

0 327

কৰ্মসংস্থাপনৰ বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকল যি সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে মহানগৰীৰ এগৰাকী মহিলাই নিবনুৱা যুৱতী সকলক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে হাতত লৈছে এক পদক্ষেপ। মহানগৰীৰ জ্যোতিকুছীত পিংকি ভট্ট নামৰ মহিলা এগৰাকীয়ে নিবনুৱা যুৱতী সকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ উদ্দেশ্যে সোমবাৰে উদ্ধোধন কৰে ‘পিংকিছ মেকআপ ষ্টুডিও’। পিংকিছ মেকআপ ষ্টুডিঅ’ত পিংকি ভট্টই অতি কম খৰচত যুৱতী-মহিলা সকলক মেকআপ কৰাৰ লগতে ইয়াৰ জৰিয়তে কেইবাগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব। কম খৰচত মহিলা সকল মেকআপ প্ৰদান কৰা আৰু যুৱতী সকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে ইয়াৰ নিবনুৱা যুৱতী সকলক প্ৰদান কৰা হ’ব মেকআপৰ প্ৰশিক্ষণ। পিংকি ভট্টই জানিবলৈ দিয়ে যে ইয়াত যুৱতী সকলক বিভিন্ন ধৰণৰ মেকাআপৰ প্ৰশিক্ষণ দিয়া হ’ব যাতে তেওঁলোকে স্বাৱলম্বী হ’ব পাৰে।

Leave A Reply

Your email address will not be published.