তিতাবৰৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ শুভ উদ্বোধন

0 289

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি তিতাবৰৰ ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত নিৰ্মান কৰি উলিওৱা ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে স্বৰ্গীয় গিৰিধৰ ঠেঙাল সোঁৱৰণী প্ৰেক্ষাগৃহও উদ্বোধন কৰে।এই অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত তৰুণ গগৈ আৰু গিৰিধৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই উপলক্ষে ধলি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তিতাবৰৰ সুকীয়া ঐতিহ্য আৰু মৰ্যাদা আছে। এই ঐতিহ্য আৰু মৰ্যাদাক তিতাবৰবাসীয়ে ধৰি ৰাখিব লাগিব।এই জনগোষ্ঠীৰটোৰ কৃষ্টিৰ, সংস্কৃতি,পৰম্পৰা আৰু মূল্যবোধ অক্ষুণ্ণ ৰখাৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি কয় যে তিতাবৰ অঞ্চলৰ কৃষি অৰ্থনীতি অতি শক্তিশালী।এই কৃষি অৰ্থনীতি বিকাশ সাধনটো ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদে গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। জনগোষ্ঠীৰ এই উন্নয়নৰ যাত্ৰা অধিক ত্বৰাম্বিত কৰিব লাগিলে নতুন প্ৰজন্মক উপযুক্ত শিক্ষাৰে আগুৱাই নিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ভাৰতীয় প্ৰশাসনিক সেৱাৰ দক্ষ বিষয়া প্ৰয়াত অশোক শইকীয়া তিতাবৰৰে এগৰাকী সুযোগ্য সন্তান আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী প্ৰশাসনিক সেৱাৰ বিষয়াৰ আদৰ্শৰে নতুন প্ৰজন্ম আগুৱাই যাব লাগিব বুলিও কয়। এই জনগোষ্ঠীটোৰ দ্বাৰা স্থাপিত এই সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় এই অঞ্চলৰ জনসাধাৰণৰ বাবেই নহয়,অসমৰ এক উল্লেখযোগ্য কেন্দ্ৰ হিচাপে বিবেচিত হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
অসমীয়া জাতি বৰ্তমানৰ চৰকাৰ দিনত সুৰক্ষিত বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰ সমূহে কোনো দিনে হাতত নোলোৱা কাম কাজ বোৰো এইখন চৰকাৰে সফল ৰূপ দিবলৈ সক্ষম হৈছে।কৃষ্টি,সংস্কৃতি,ঐতিহ্য জীয়াই থাকিবলৈ হ’লে মাটিৰ ওপৰত অধিকাৰ থাকিবই লাগিব ।আমাৰ অসম,আমাৰ মাটি,আমাৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিলে মাটি অধিকাৰ লগতে নিজৰ ভাষা,সংস্কৃতিৰ অধিকাৰ লাভ কৰিব লাগিব।সেয়েহে বৰ্তমান চৰকাৰে খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে মাটি পট্ৰা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৰ্বজনীন গণতান্ত্ৰিক নীতিৰ চৰকাৰ খনে সকলোৱে সমউন্নয়ন সাধন কৰাৰ যাত্ৰাত অৱতীৰ্ণ হৈছে।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে সহোদৰ কাৰ্যসূচী জৰিয়তে সকলো জাতি-জনগোষ্ঠীৰ সমস্যা অনুধাৱন কৰা,অসম দর্শন আঁচনিৰ জৰিয়তে সত্ৰ,নামঘৰ আদি ঐতিহ্য সুৰক্ষিত কৰা, সমাজৰ দুখীয়া শ্ৰেণী লোক সকলৰ সন্তানেও যাতে উপযুক্ত শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে লোৱা বিভিন্ন আঁচনি কথাও উল্লেখ কৰে। তিতাবৰত এখন ৰেচম মহাবিদ্যালয়,আই টি আই স্থাপন, জ্যেষ্ঠ নাগৰিক সকলৰ ভৱন নিৰ্মাণ,পুথিভঁৰাল স্থাপন সম্পৰ্কত জনগোষ্ঠীটোৱে জনোৱা দাবী সমূহ ইতিবাচক দৃষ্টিভংগীয়ে গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।
আজি এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা,জনগোষ্ঠীটোৰ মুখ্য কাৰ্যবাহী সম্পাদক কুমুদ কছাৰী,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক মৃণাল শইকীয়া,সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী,দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী,মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জৰ্ণাদ্দন দেৱ গোস্বামী,যোৰহাট জিলাৰ উপায়ুক্ত প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।আজি এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক জ্ঞান বিকাশ বঁটা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.