তিনিচুকীয়াত ৰাজহ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত অৰুনোদয় ২.০ ৰ অধীনত১০ হাজাৰ হিতাধীকাৰীক অৰুনোদয় কাৰ্ড বিতৰন

0 215

সমগ্ৰ ৰাজ্যতে আজিৰে পৰা শুভাৰম্ভ হোৱা “অৰুনোদয় ২.০” আচঁনিৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, খনিজ আৰু খনিজাত পদাৰ্থ বিভাগ তথা পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত অৰুনোদয় ২.০ ৰ অধীনত জিলাখনৰ ১০ হাজাৰ গৰাকী হিতাধীকাৰীৰ মাজত “অৰুনোদয় কাৰ্ড” বিতৰন কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত ৰাজহ মন্ত্ৰীগৰাকীৰ লগতে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰুপেশ গোৱালা, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, জিলা আয়ুক্ত স্বপ্নীল পাল, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পৱিত্ৰ গগৈ, মাকুম পৌৰসভাৰ পৌৰপতি বিপাশা বৰা, ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য্য, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰনৰ সভাপতি কাজল গোহাঁই, Assam Hydrocarbon Energy Company Ltd. ৰ উপাধক্ষ্য শিৱজী ডুবে প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

আজিৰ কাৰ্য্যসূচীত উপস্থিত ৰাইজক উদ্দেশ্যি মন্ত্ৰী মহনে কয় যে এই আচনিখনে পোনপটিয়াকৈ মহিলাসকলৰ অভাৱ দূৰ কৰিব আৰু এনেদৰেই মহিলা সবলীকৰণৰ দিশত ৰাজ্যখন আগবাঢ়ি যাব।

ৰাজ্যৰ মহিলা সকলক আৰ্থিক নিৰাপত্তা আৰু সামাজিক সুৰক্ষা দিয়াৰ স্বাৰ্থত এই আচনিখনে বৰ্তমান অসমত এক ইতিবাচক প্ৰভাৱ পেলাইছে।

আইমাতৃ সকলক উদ্দেশ্যি মন্ত্ৰী মহনে অমৃত বৃক্ষ; অমৃত কলহ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে কাৰ্যসূচী সমুহতো সজোৰে জৰিত হৈ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
তাৎপৰ্যপূৰ্ণ ভাৱে মন্ত্ৰী গৰাকী কয় যে এই আচনিখনেই একমাত্ৰ জীয়াই থকাৰ সম্বল হ’ব নালাগে। এইয়া এক সাময়িক সকাহহে মাথোন। মহিলা সকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে অৰুনোদয় আচনি গ্ৰহণ কৰা হৈছে।

এতিয়া আৰু ৰাজ্যত সূতা কম্বলৰ আচনি নাই। অৰুনোদয় এক দীৰ্ঘম্যাদী আচঁনি যিয়ে ৰাজ্যত সুদূৰ প্ৰসাৰি প্ৰভাৱ পেলাইছে। তাৰোপৰি মহিলাসকলক চৰকাৰী কাৰ্যালয়লৈ গৈ নিজে আচঁনি সমুহৰ বিষয়ে সম্যক তথ্য আহৰণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

আনহাতেদি তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পালে আদৰনি ভাষণ আগবঢ়াই কয় যে ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালসমূহ তথা মহিলাসকলৰ কল্যাণৰ বাবে অসম চৰকাৰে ২০২০ চনত আৰম্ভ কৰা এই অৰুনোদয় আচঁনিখন বহুতৰে বাবে এক সকাহ হিচাপে পৰিগণিত হৈছে।

জিলা আয়ুক্তগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱক এনে এক কল্যাণকামী আচঁনি ৰূপায়ন কৰাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে।

জিলা আয়ুক্তগৰাকীৰ আদৰণি ভাষণৰ পাছতে অৰুনোদয় ২.০ ৰ ওপৰত নিৰ্মিত এটি চুটি ভি.ডি.অ প্ৰদৰ্শন কৰা হয়।
উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাত অৰুনোদয় ১.০ ত মুঠ ৬১৮৩০ গৰাকী হিতাধীকাৰীৰ নাম অন্তৰ্ভূক্ত হৈছিল। এতিয়া অৰুনোদয় ২.০ ত নতুনকৈ ৩১৭১৫ গৰাকী নতুন হিতাধীকাৰীৰ নাম অন্তৰ্ভূক্ত হৈছে।

ইয়াৰ উপৰিও ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনি’ৰ ২২১৯ গৰাকী আৰু দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি’ৰ ১৩৭৫ গৰাকীৰ নাম অৰুনোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে।তিনিচুকীয়া জিলাত মুঠ অৰুনোদয় আচঁনিৰ হিতাধীকাৰীৰ সংখ্যা হৈছে ৯৭১৩৯ গৰাকী।এই প্ৰতিগৰাকী হিতাধীকাৰীয়েই প্ৰতিমাহে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১২৫০ টকাকৈ ডিবিটি যোগে নিজৰ বেংক একাউণ্টত পাবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.