তিনিচুকীয়া জিলাৰ মায়ামৰা ৰূপহী সত্ৰৰ লগতে টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰ আৰু ডিৰাক মায়ামৰা সত্ৰ পৰিদৰ্শন অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ

0 125

অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটি দলে আজি তিনিচুকীয়া ৰাজহচক্ৰৰ অন্তৰ্গত মামৰণী গাওঁ শ্ৰী শ্ৰী মায়ামৰা ৰূপহী সত্ৰৰ লগতে ডুমডুমা ৰাজহচক্ৰৰ অন্তৰ্গত কৰ্দৈগুৰিৰ শ্ৰী শ্ৰী টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰ আৰু ডিৰাক মায়ামৰা সত্ৰ পৰিদৰ্শন কৰি সত্ৰ সমূহে বহুদিনৰ পৰা সন্মুখীন হৈ অহা ভূমি সমস্যা,চাৰিসীমাৰ বেৰা,পথ উন্নয়ন আদি বিভিন্ন সমস্যাৰ বিতংভাবে বুজ লয়।আয়োগৰ অধ্যক্ষ তথা আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা এই সজাতি দলটোয়ে সত্ৰৰ সত্ৰাধিকাৰৰ লগতে সত্ৰখনৰ সেৱকীসকলৰ সৈতেও মত বিনিময় কৰি সত্ৰ সমূহৰ ভূমি সমস্যা লগতে অন্যান্য সমস্যাসমূহৰ সমাধানৰ বাবে বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে।
সত্ৰসমূহ উদ্ধাৰ কৰিবৰ বাবে অসম সত্ৰ আয়োগে সমগ্ৰ অসমৰ সত্ৰ সমূহৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি আছে বুলিও আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই মন্তব্য কৰে।পৰিদৰ্শনকালত আয়োগৰ অধ্যক্ষ গৰাকীৰ সৈতে আয়োগৰ সদস্য তথা খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া তথা আয়োগৰ পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মা উপস্থিত থাকে। আয়োগৰ পৰিদৰ্শনকালত সত্ৰ সমূহত সংগৃহীত হৈ থকা প্ৰাচীন সম্পদ সমূহৰো যথোপযুক্ত সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।
ইয়াৰ পাছতে আয়োগৰ দলটোয়ে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত উপস্থিত হৈ তিনিচুকীয়া জিলাৰ সত্ৰসমূহৰ সত্ৰাধিকাৰসকল তথা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পদকসকলৰ সৈতে এখন সভাত মিলিত হয়। সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত স্বপ্নীল পালে আয়োগৰ সদস্যসকলক আদৰণি জনায়। তিনিচুকীয়া জিলাৰ প্ৰায় ১৭ খন সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পদকসকল উপস্থিত থকা এই সভাত প্ৰতিখন সত্ৰই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰাজিৰ ওপৰত বিতংকৈ আলোচনা কৰা হয়। আনহাতে, সত্ৰ পৰিচালনাৰ ক্ষেত্রত সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়েও আয়োগে সবিশেষ বুজ লয়। সভাত আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সমাজখনক একত্ৰিত কৰাত সত্ৰসমূহৰ ভূমিকা অতিকে গুৰূত্বপূৰ্ণ বুলি উল্লেখ কৰি অনাগত দিনত সত্ৰসমূহে সন্মুক্ষীন হোৱা সমস্যাৰ বিতং তথ্য যুগুত কৰি প্ৰতিবেদন আকাৰে চৰকাৰৰ ওচৰত দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.