তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ল বটদ্ৰৱা থান

0 223

আজিৰে পৰা ভক্ত বৈষ্ণবৰ বাবে মুকলি হ’ল বটদ্ৰৱা থান। ক’ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপেক্ষিতত যোৱা ২৪ মাৰ্চৰ পৰা বটদ্রৱা থানৰ প্ৰবেশ দ্বাৰৰ গেট সমূহ বন্ধ কৰি দিয়া হৈছিল তীৰ্থযাত্রী তথা পৰ্যটকৰ বাবে। ৭৫ দিনৰ মূৰত চৰকাৰে আনলক ঘোষণা কৰা পাছত আজি কিছু নীতি নিৰ্দেশনাৰ মাধ্যমেৰে দেশৰ তীৰ্থস্থান সমূহ খোলাৰ অনুমতি প্ৰদান কৰাৰ পাছত বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও চৰকাৰী নিৰ্দেশনা মতে তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণবৰ বাবে বটদ্ৰৱা থানৰ দুৱাৰ মুকলি কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে সকলো ভকত বৈষ্ণৱক চৰকাৰী নিৰ্দেশনা পালন কৰি নিয়ম শৃংখলা বজাই ৰাখি বটদ্ৰৱা থানলৈ আহিবলৈ আহ্বান জনাইছে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.