আজি গুৱাহাটী প্ৰেছ ক্লাৱত অসম কবি সমাজৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।সভাত অসম কবি সমাজ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড০ দয়ানন্দ পাঠক, সভাপতি ৰাজেন্দ্ৰনাথ বৰদলৈ,সম্পাদক সীমা বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অসম কবি সমাজৰ তিনিমহীয়া কাব্য পত্ৰিকা উন্মোচন কৰি ড০ পাঠক কয় যে-সময়ৰ লগে লগে কবিতাৰ পৰিৱৰ্তন হয়।কবিসকলে নিজস্ব ভাষাশৈলীৰে কবিতা লিখিলে আমাৰ কবি সমাজ আৰু সমৃদ্ধিশালী হ’ব।সভাপতি ৰাজেন্দ্ৰনাথ বৰদলৈয়ে সভাপতিৰ মন্তব্যত শিৱসাগৰ কবি সমাজ শাখাৰ ওপৰত এক চমু বক্তব্য দাঙি ধৰে।লগতে তেওঁ অসম কবি সমাজৰ প্ৰতিষ্ঠা দিৱস অহা বৰ্ষৰ ৮ মাৰ্চত ধেমাজিত অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰে।এই সভাত ডিব্ৰুগড়,ধেমাজি,ৰঙিয়াকে ধৰি অসমৰ বিভিন্ন জিলাৰ কবি সমাজৰ সদস্যসকল উপস্থিত থাকে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ