সমাহাৰ নাট্য গোষ্ঠীয়ে এবছৰীয়া থিয়েটাৰ পাঠ্যক্রম আৰম্ভ কৰিব

0 236

গুৱাহাটীৰ হেঙেৰাবাৰীত অৱস্থিত সমাহাৰ নাট্য বিদ্যালয়ত অহা জানুৱাৰী মাহৰ পৰা এবছৰীয়া থিয়েটাৰ ডিপ্ল’মা পাঠ্যক্রম প্ৰদান কৰিব।এই পাঠ্যক্রমত অভিনয়,কবিতা,আবৃত্তি,ৰূপসজ্জা,মঞ্চসজ্জা,নাট্য ৰচনা,সংগীত,পোহৰ আৰু পৰিচালনা অন্তর্ভুক্ত থাকিব।বিশিষ্ট থিয়েটাৰ ব্যক্তিত্ব,শিক্ষাবিদ ড০ সীতানাথ লহকৰে এই পাঠ্যক্রম সঞ্চালনা কৰিব।লগতে অতিথি প্ৰশিক্ষক হিচাপে সংগীত শিল্পী তৰালী শৰ্মা,জ্যোতি নাৰায়ণ নাথ,ৰূপম চেতিয়া,পাপৰি মেধি,কমল লোচন আৰু ড০ স্মৃতা লহকৰ উপস্থিত থাকিব।মাত্ৰ ২০ টা আসনযুক্ত এই পাঠ্যক্রম গ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰী সকল ১৬ বছৰৰ উৰ্দ্ধৰ হ’ব লাগিব।ছাত্র-ছাত্ৰী সকলে সবিশেষ জানিবলৈ ৯৯৫৪০০৩০০০ আৰু ৯৪০১৮৮৬২২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সমাহাৰ নাট্য গোষ্ঠীৰ উদ্যোক্তাসকলে জনাইছে।

Leave A Reply

Your email address will not be published.