গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডত যোৱা ২৫ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকে চিত্ৰশিল্পী চিৰঞ্জীৱ বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়।প্ৰদৰ্শনীত চিত্ৰশিল্পী গৰাকীয়ে মুঠ ২৪ খন ডিজিটেল পেইণ্টিঙ প্ৰদৰ্শন কৰে।প্ৰকৃতি,সংগীত,মহাকাব্য,হিন্দুৰ পৌৰাণিক ঐতিহ্য কাহিনী,মহাকাশ,নিজস্ব চিন্তা আৰু সৃষ্টি,অনুভৱৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে।এই প্ৰদৰ্শনীখন মুকলি কৰে চিত্ৰশিল্পী,কাৰ্টুনিষ্ট চম্পক বৰবৰা আৰু শিক্ষাবিদ নীলিমা ভাগৱতীয়ে।আবেলি ২ বজাৰ পৰা সন্ধিয়ালৈকে এই প্ৰদৰ্শনী খোলা থাকে।এই সম্পর্কে চিত্ৰশিল্পী চিৰঞ্জীৱ বৰুৱাই কয় যে তেওঁ সৰুৰে পৰাই ছবি আঁকি আহিছে।এইখন তেওঁৰ প্ৰথম প্ৰদৰ্শনী।বিভিন্ন কিতাপ পঢ়ি তেওঁ এইসমূহ চিত্ৰ অংকন কৰি আহিছে।ইয়াৰ জৰিয়তে তেওঁ ডিজিটেল পেইণ্টিঙৰ এক সুকীয়া মাত্ৰা দিবলৈ প্ৰয়াস কৰিছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins