নৱবৰ্ষ সমাগত।চলিত বৰ্ষ বিদায় দি লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে বনভোজথলীত মিলিত হয় বহু বনভোজকাৰী দল।আজি অৰ্থাৎ বছৰটোৰ শেষৰ দেওবাৰে মহানগৰীৰ গাতে লাগি থকা দীপৰ বিলত পুৱাৰে পৰা অলেখ বনভোজকাৰী দলক দেখা পোৱা গ’ল।অৱশ্যে কা’ৰ প্ৰভাৱৰ বাবে কোনোবা দল সংগঠনৰ ৰোষত পৰাৰ আশংকাত বনভোজকাৰী দলবোৰে পূৰ্বৰ দৰে উচ্চ স্বৰত মাইক বজোৱা বা সংগীত শুনাৰ পৰা বিৰত থাকিলেও জাতীয় আৰু দেশপ্ৰেমমূলক সংগীত পৰিবেশন কৰি এক অপূর্ব পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়।উল্লেখযোগ্য যে দীপৰ বিলৰ পাৰত বনভোজথলী তদাৰক কৰা দেউচতাল নৱজ্যোতি সংঘৰ কৰ্মকৰ্তাসকলে পুৱাই বনভোজথলীত উপস্থিত হৈ বনভোজকাৰী দলসমূহক আদৰণি জনায়।তেনেদৰে ৰাণীৰ কপিলী বনভোজথলীত বন বিভাগৰ ৰাণীৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ দল আৰু স্থানীয় লোকসকলে বনভোজকাৰী দলসমূহক আদৰণি জনায়।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem