আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত খেলো ইণ্ডিয়া য়ুথ গেমছ্-২০২০ ৰ টৰ্চ ৰেলী শুভাৰম্ভ হয়। এই টৰ্চ ৰেলী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে।এই টৰ্চ ৰেলী অনুষ্ঠান ৰাজ্যখনৰ সকলো জিলা সদৰতে অনুষ্ঠিত হ’ব।আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীয়ে নেপালত অনুষ্ঠিত হোৱা চাউথ এছিয়ান গেমছত পদক লাভ কৰা খেলুৱৈসকলক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে।লগতে ৰাজ্য চৰকাৰৰ সংহত ক্ৰীড়া নীতি অনুসৰি মেডেল প্ৰাপ্ত খেলুৱৈসকলক আৰ্থিক অনুদান আগবঢ়ায়। ২০১৬ বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বাদশ চাউথ এছিয়ান গেমছত অসমৰ পদকপ্রাপ্ত খেলুৱৈসকলক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰি মুখ্যমন্ত্রী গৰাকীয়ে কয় যে ক্ৰীড়াই বহুমুখী উত্তৰণৰ দিশত সহায় কৰে।বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ মানৱ সম্পদ বিকাশৰ বাবে শিক্ষা,ক্ৰীড়া আৰু সংস্কৃতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।লগতে ৰাজ্য চৰকাৰে ক্ৰীড়াবিদ সকলক উৎসাহিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে।গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ পৰা অৱতীৰ্ণ হ’বলগীয়া ৬৩৩ গৰাকী প্ৰতিযোগীক প্ৰতিযোগিতামূলক মানসিকতাৰে অৱতীৰ্ণ হৈ সুনাম কঢ়িয়াই অনাৰ বাবে মুখ্যমন্ত্রী গৰাকীয়ে আহ্বান জনায়।লগতে তেখেতে কয় যে ৰাজ্যখনৰ ক্ৰীড়া বাতাবৰণৰ সমন্বিত উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে ভিলেজ অলিম্পিক টেলেণ্ট হাণ্ট ৬ টা শাখাত অনুষ্ঠিত কৰিব।আজিৰ এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই খেলো ইণ্ডিয়া য়ুথ গেমছৰ থীম ছঙৰ ভিডিঅ’ মুকলি কৰে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan