তেজপুৰৰ এদল শিশুৰ ব্যতিক্ৰমী পদক্ষেপ-চুটি ছবিৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস

0 246

ক’ভিড ১৯ প্ৰকোপ দেশজুৰি অব্যাহত থকাৰ সময়তে বিভিন্ন চৰকাৰী অথবা বেচৰকাৰী পক্ষই  সজাগতা সৃষ্টি কৰাৰ অৰ্থে অৰ্হনিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ বিজ্ঞ আৰু জ্যেষ্ঠজনৰ দৰেই কণ কণ শিশুৰ মনতো  যেতিয়া এনে সজাগতামূলক চিন্তা চৰ্চাই ঠাই পায়, স্বাভাৱিকতে ইতিবাচক খবৰ হিচাপে পৰিগণিত হৈছে৷
 
 
তেজপুৰৰ কণমানি শিশুৰ সৃজনীশীল প্ৰতিভাই সকলো নিয়ম নমনা এচাম অজ্ঞানী মানুহৰ যেন মনৰ দুৱাৰ খুলি দিব৷ কিয়নো কণ কণ শিশুৱে যিটো কথা সহজেই অনুধাৱন কৰিছে, সেই কথাখিনিকেই বুজিও নুবুজাৰ ভাও ধৰা এচাম কাণ্ডজ্ঞানহীন মানুহক বাৰম্বাৰ বুজাব লগা হৈছে৷ হয়তো শিশুসকলৰ আহ্বানত মনৰ দুৱাৰ খুলিব বহুজনৰ৷ উল্লেখ্য যে তেজপুৰ চহৰৰ বিষ্ণু নগৰৰ অংগৰাগ কাশ্যপ নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে নিজে কাহিনী লিখি ,পৰিচালনা কৰি এখন চুটি ছবি নিৰ্মাণ কৰি মানুহৰ মাজত ক’ভিডত ল’বলগীয়া সাৱধানতাৰ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিছে৷
 
 
 
ক’ৰণা ভয়াবহতাৰ মাজতে আহি পৰা দুৰ্গা পূজাক লৈ কেনেদৰে ৰাইজে সচেতনতা অৱলম্বন কৰিব লাগিব, কেনেদৰে সকলো নীতি-নিৰ্দেশনাৰ মাজেৰে অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন কৰা উচিত আদি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপনেৰে ‘জীৱন আৰু আনন্দৰ দোমোজাত’ শীৰ্ষক এখন চুটি ছবি নিৰ্মাণ কৰিছে৷
 
 
ছবিখনত সাতটা শিশুৱে  অতি সাৱলীল ৰূপত অভিনয় কৰিছে৷ উল্লেখ্য যে, সপ্তম শ্ৰেণীৰ ছাত্ৰ অনুভৱ পৰাশৰে প্ৰযোজনা কৰা আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ আদৰ্শ অনুৰাগে দৃশ্যগ্ৰহণ কৰা এই ছবিখনত অভিনয় কৰিছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী তানিস্কা বৰঠাকুৰ, অংকিত ঠাকুৰীয়া, পঞ্চম শ্ৰেণীৰ ছাত্ৰ বৈভৱ শৰ্মা, সপ্তম শ্ৰেণীৰ ছাত্ৰ হীমজ্যোতি কাশ্যপ আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কৃষ্টি বৰঠাকুৰে৷
 
 
আনহাতে এই লক ডাউনৰ সময়ছোৱাতে তেজপুৰৰ আৰ্মি পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰাইহান উল্লা দাৰাকে কাৰ্টুন চিত্ৰৰ জৰিয়তে অসমীয়াৰ জাতিপ্ৰেম উদ্বেলিত কৰা অসম বুৰঞ্জীৰ অন্যতম কাহিনী লাচিত বৰফুকনৰ কাহিনীক লৈ নিমাৰ্ণ কৰি উলিয়াইছে এনিমেশ্যন কাহিনী৷ লাচিত বৰফুকনৰ সমগ্ৰ জীৱন দৰ্শন আৰু ইতিহাসৰ পাতত থকা সেই জাতিপ্ৰেমৰ কাহিনীক সুন্দৰ সংলাপেৰে ছাত্ৰ ৰাইহানে বিভিন্ন চৰিত্ৰৰ মুখেৰে কাৰ্টুন সংপৃক্ত কৰি নিমাৰ্ণ কৰা এই বিশেষ এনিমেশ্যন ছবিখনত আনকি নিজৰ জ্যেষ্ঠ ভাতৃ ইলহান উল্লা দাৰাককো এটা চৰিত্ৰৰ মুখৰ সংলাপত স্থান দি উপস্থাপন কৰিছে৷ লক ডাউনৰ সময়ছোৱাৰ তেজপুৰৰ এই দহটি শিশুৰ এনে সুন্দৰৰ সাধনাক এতিয়া বিজ্ঞজনে প্ৰশংসাৰে ওপচাই পেলাইছে৷
খবৰ যুগুতালে তেজপুৰৰ পৰা ধ্ৰুৱজ্যোতি নাথে

Leave A Reply

Your email address will not be published.