পাৰাদ্বীপত এন আৰ এলৰ খাৰুৱা তেলৰ আমদানি ব্যৱস্থাৰ উন্নীতকৰণ

0 227

উৰিষ্যাৰ পাৰাদ্বীপ বন্দৰত এন আৰ এলৰ খাৰুৱা তেলৰ আমদানি ব্যৱস্থাৰ উন্নতি কৰণৰ কাম কাজ আৰম্ভ হৈছে। ভূমি ভৰণৰ কাম ড্ৰেজিং আৰু দল ৰিক্লেমৰ জৰিয়তে ড্ৰেজিং কৰ্পৰেচন অৱ ইণ্ডিয়াৰ মাধ্যমেৰে অতি শীঘ্ৰে আৰম্ভ হ’ব।
পাৰাদ্বীপ পৰ্টত এন আৰ এলক আৱন্টন কৰা ২০০ একক ভূমি পুনৰুদ্ধাৰ কৰিবলৈ পৰাদ্বীপ পৰ্ট ট্ৰাষ্ট আৰু ড্ৰেজিং কৰ্পৰেচন অৱ ইণ্ডিয়াৰ সৈতে এন আৰ এলৰ এখন ত্ৰিপক্ষীয় চুক্তি সম্পন্ন হয়।
এই উদ্দেশ্যে পাৰাদ্বীপত এখন এম অ’ ইউ ডেপুটি কনজৰভেটৰ পি পি টি কেপ্তেইন এ.কে মহাপাত্ৰ,চি জি এম, ডি. চি. আই-কেপ্তেইন এচ ডিবাকৰ , আৰু ডি জি এম এন আৰ এল শ্ৰী এ জে ফুকনৰ মাজত অধ্যক্ষা পি পি টি ৰিংকেশ ৰয়,পৰিচালন সঞ্চালক,এন আৰ এল শ্ৰী এচ কে বৰুৱা,পৰিচালন সঞ্চালক ডি জি আই শ্ৰী ৰাজেশ ত্ৰিপাথী,তথা তিনিওটা সংগঠনৰ উচ্চপদস্থ বিষয়া সকলৰ উপস্থিতিত স্বাক্ষৰিত হয়।
এন আৰ এলৰ শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ অংশ হিচাপে বাস্তবায়ন কৰা হৈছে। এই মেগা প্ৰকল্পটোৱে পাৰাদ্বীপলৈ খাৰুৱা তেলৰ আমদানি পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ তথা ক্ৰচ কাউণ্টি পাইপলাইন পৰিবহন কৰাৰ পৰিকল্পনাৰে সাজু কৰা হৈছে। যোৱা জুলাই ২০২০ত এনভাইৰনমেন্টেল ক্লিয়েৰনছ লাভ কৰাৰ পাছৰে পৰা প্ৰকল্পটোৰ কাৰ্য্য কলাপে গতি লাভ কৰিছে।
ডি. চি.আই.এ.ড্ৰেজিং কৰ্ম অহা নৱেম্বৰ ২০২০ৰ মধ্যভাগৰ পৰা আৰম্ভ কৰিব আৰু চি অ আই টি প্লটৰ ৰিক্লেমেচনৰ কাম সাত মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

Leave A Reply

Your email address will not be published.