দেশ তথা ৰাজ্যত মহামাৰী ক’ৰণা ভাইৰাছে বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি ৰাইজক আতংকিত কৰি তোলাৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপতো এতিয়া গণ সংক্ৰমণ ঘটিছে। মহামাৰী ক’ৰণাৰ গণ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে বিভিন্ন নীতি-নিয়ম তথা মিনি লকডাউন আৰু আন্ত: জিলাত যাতায়াত ইতিমধ্যেই বন্ধ কৰিছে। যিহেতু বৰ্তমান সময়ছোৱাত মহামাৰী ক’ৰণাত আক্ৰান্ত লোকসকলক ৰাজ্য চৰকাৰৰ চিকিৎসা বিভাগে পৰ্যাপ্ত পৰিমাণে চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে যদিও কিছু কিছু ক্ষেত্ৰত ৰোগীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ নিৰ্দেশক্ৰমে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ আৰু পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ প্ৰচেষ্টাত কিছুদিন পূৰ্বে এখন বৈঠকত মিলিত হৈ “সেৱাহি সংগঠন” নামাকৰণেৰে এখন সমিতি গঠন কৰে। ২৩ জনীয়া সদস্যৰে গঠিত সেৱাহি সংগঠনে পলাশবাৰী, ছয়গাঁও আৰু বকো সমষ্টিৰ ক’ভিড আক্ৰান্ত ৰোগীসকল তথা কণ্টেইনমেন জ’নত থকা পৰিয়ালবৰ্গক পৰ্যপ্ত পৰিমাণে সহায়ৰ বাবে হাত আগবঢ়াব। সেয়েহে তিনিওটা সমষ্টিৰ ৰাইজৰ সুবিধাৰ্থে ব্যৱস্থা গ্ৰহণ কৰি ক’ভিড আক্ৰান্ত ৰোগী বা পৰিয়ালৰ লোকৰ ক’ভিড সম্পৰ্কীয় যিকোনো সমস্যাৰ সন্মুখীন হ`লে তৎকালীনভাৱে ৭০০২৭৭৫২০৪ আৰু ৯১০১৬৩৭৮৭৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন