দক্ষিণ কামৰূপৰ সকলো পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জন সাৰথিৰ

0 266

দক্ষিণ কামৰূপৰ পলাশবাৰী মাজকুছি ৰাজহ গাওৰ দৎকুছিৰ সোণালী কৃষক আত্ম সহায়ক গোটৰ সদস্য সকলে লকডাউনৰ সময়ত কৃষি কৰ্মৰ লগত জড়িত হৈ প্ৰায় ২৯ বিঘা মাটিত শালি ধানৰ খেতি কৰাত ব্যস্ত হৈ পৰিছে। আধুনিক পদ্ধতিৰ ট্ৰেক্টৰৰে হালবোৱাৰ পৰা আদি কৰি যাৱতীয় সকলো কাম সম্পূৰ্ণ কৰি খেতিখিনি কৰিছে গোটটোৰ সদস্যসকলে। উল্লেখ্য যে যোৱা ২০১৯ বৰ্ষত লকডাউনৰ সময়ৰে পৰা অসমৰ বিভিন্ন কোম্পানীত চাকৰি তথা ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত ১০ জন সদস্যই মিলি সোণালী কৃষক আত্ম সহায়ক গোটটো গঠন কৰা হৈছিল। গোটটো গঠন হোৱাৰে পৰা শাক-পাচলি খেতি আদিকে ধৰি বিভিন্ন খেতি কৰি স্থানীয় বজাৰত বিক্ৰী কৰি আহিছে। এডৰা মাটিত তিনিবাৰকৈ খেতি কৰিবৰ বাবে মনত আশা কৰিছিল যদিও জলসিঞ্চনৰ অভাৱত সেয়া বাস্তৱত ৰূপায়িত কৰিব পৰা নাই। এই সন্দৰ্ভত স্থানীয় বিধায়ক হেমাঙ্গ ঠাকুৰীয়াৰ জড়িয়তে অসম চৰকাৰৰ সহায় সহযোগিতা কৰাৰ বাবে গোটটোৰ সভাপতি জয়ন্ত মহন্ত, সম্পাদক ৰঞ্জন কলিতা আৰু কোষাধ্যক্ষ মণ্টু কলিতাই আহ্বান জনাইছে।আনহাতে বেচৰকাৰী সংস্থা ‘জনসাৰথি’ৰ সভাপতি ৰাজীৱ চৌধুৰী আৰু সম্পাদক মিতুমনি দাস, প্ৰচাৰ সম্পাদক মণ্টু কলিতাই দক্ষিণ কামৰূপৰ সকলো পথাৰত কৃষক ৰাইজৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। কৃষক ৰাইজে জলসিঞ্চনৰ সুবিধা পালে বহুত উপকৃত হ`ব বুলি আশা প্ৰকাশ কৰিছে বেচৰকাৰী সংস্থাটোৱে।
বাতৰি যুগুতালে ছয়গাঁৱৰ পৰা জিতুমণি দাসে

Leave A Reply

Your email address will not be published.