দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন

0 34

দিল্লী ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন।
বিভিন্ন দেশৰ বিনিয়োগকাৰী,কাৰিকৰী বিশেষজ্ঞ,প্ৰযুক্তিবিদ আদিৰ উপস্থিতিত অহা ১৩ছেপ্টেম্বৰলৈ চলিব লগীয়া এই সন্মিলন উদ্বোধন কৰি কালি প্ৰদান কৰা ভাষণত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১শতিকাৰ ভাৰতে বিশ্বক আস্বস্হ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে।ডিজাইনিঙৰ পৃথিবীত জড়িত ২০%লোক ভাৰতৰ বুলি উল্লেখ কৰাৰ লগতে ই নিৰন্তৰ বিস্তাৰিত হৈ থকা বুলিও ব্যক্ত কৰে।আপোনালোক সঠিক সময়ত সঠিক স্থানত থকা বুলি বিনিয়োগকাৰী সকলক কৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ছেমীকণ্ডাক্টৰ উদ্যোগৰ বাবে কাৰিকৰী দক্ষতা থকা ব্যক্তি, অভিযন্তা, গৱেষণা আৰু ডিজাইনিঙত দক্ষ ৮৫ হেজাৰ লোকৰ এক গোট প্ৰস্তুত কৰি থকাৰ কথা ভাষণত উল্লেখ কৰে।
সন্মিলনত ভাষণ প্ৰদান কৰিএন এক্সপি ছেমীকণ্ডাক্টৰৰ মুখ্য কাৰ্যবাহী বিষয়া কাৰ্ট ছিভাৰ্চে কয় যে ছেমীকণ্ডাক্টৰ উদ্যোগৰ ক্ষেত্রত সফলতা লাভ কৰিবলৈ লক্ষ্য, বিশ্বাস আৰু সহযোগিতা নিত্যান্তই আৱশ্যক।তেওঁ লগতে ইয়াৰ বাবে সৃজনশীলতা, গণতন্ত্র আৰু প্ৰত্যয়ৰো প্ৰয়োজনীয়তাৰ কথা দোহাৰে।
টাটা ইলেক্ট্রনিকছৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণধীৰ ঠাকুৰে অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত ছেমীকণ্ডাক্টৰৰ সপোন সাৰ্থক হোৱা বুলি মন্তব্য কৰে।মন কৰিবলগীয়া যে ভাৰতত সম্প্ৰতি ছেমীকণ্ডাক্টৰৰ চাৰিটা প্ৰকল্পৰ কাম চলি আছে।
তিনিদিনীয়া এই ছেমীকন ইণ্ডিয়া ২০২৪ সন্মিলনত অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই অংশ গ্ৰহণ কৰি বিভিন্ন দেশৰ বিনিয়োগকাৰী তথা প্ৰযুক্তিবিদ সকলৰে মত বিনিময় কৰাৰ লগতে ছেমীকণ্ডাক্টৰ উদ্যোগৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে।
মন্ত্ৰী বড়াই সন্মিলনৰ ইণ্ডিয়া এক্সপো মাৰ্টত অংশ গ্রহণ কৰা বিভিন্নদেশৰ প্ৰতিষ্ঠানৰ বিপণীত প্ৰদৰ্শন কৰা কাৰিকৰী প্ৰযুক্তিও পৰিদৰ্শন কৰে। উল্লেখ্য যে সন্মিলনৰ প্ৰদৰ্শনীত অংশগ্রহণ কৰা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ বিপনীত উপস্থিত হৈ বিষয়া কৰ্মচাৰী সকলৰ সৈতেও মত বিনিময় কৰে।

Leave A Reply

Your email address will not be published.