গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছতাল অঞ্চলত বিগত বৰ্ষত সফলতাৰ পাছত এইবাৰ দ্বিতীয়বাৰৰ বাবে বৰো ধানৰ খেতিৰে সেউজ বিপ্লব গঢ়ি তোলাৰ কামত ব্রতী হৈ সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে উদ্যমী কৃষক,সৰবৰহী ব্যক্তি,বিশিষ্ট সমাজকর্মী হিচাপে পৰিচিত দেউছতালৰ বলেশ্বৰ ৰংপী।বিশেষকৈ দেউছতালৰ নিজ ঘৰৰ সমীপত থকা গড়চুক- বাণীগেট সংযোগী পথৰ দাঁতিত আৰু আজাৰা – কামাখ্যা সংযোগী ৰে’লপথৰ মাজত থকা প্রায় পাঁচ বিঘা ম্যাদীপট্টাৰ মাটিত বিগত বৰ্ষত বৰো ধানৰ খেতি আৰম্ভ কৰিছিল বলেশ্বৰ বংপীয়ে। এই সন্দর্ভত বলেশ্বৰ বংপীয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ পৰিয়ালে পূর্বতে সেই মাটিত বাওঁ ধানৰ খেতি কৰিছিল। কিন্তু পানীৰ অভাবকে ধৰি বিভিন্ন কাৰণৰ বাবে লাহে লাহে বেছিভাগ কৃষকে বাওঁ ধানৰ খেতি কৰিবলৈ বাদ দিয়ে। কিন্তু বিগত ২০২২ বৰ্ষত কৃষিকৰ্মৰ লগত জড়িত কেবাজনো কৃষক, শুভাকাংক্ষীয়ে সেই মাটিত বৈজ্ঞানিক পদ্ধতিৰে বৰো ধানৰ খেতি কৰিবলৈ পৰামর্শ দিয়ে। তাৰ পিছত বিগত ২০২৩ বৰ্ষত সেই মাটিত বৰো ধানৰ খেতি কৰি আশা কৰা ধৰণে সফলতা লাভ কৰে। তাৰ পাছত দ্বিতীয়বাৰৰ বাবে এইবাৰো বিগত বৰ্ষৰ দৰে গুৱাহাটীৰ ভৰলুমুখত থকা অসম চৰকাৰৰ কৃষি বিভাগৰ অনুমোদিত এখন বিপণীৰ পৰা প্রায় ২,৪০০ টকাৰে ছয় কেজি উন্নতমানৰ বৰো ধানৰ বীজ আনি শালি ধানৰ খেতিৰ দৰে তাৰো কঠীয়া সিঁচে। আনহাতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ‘আত্মনিৰ্ভৰ অসম’ কাৰ্যসূচীত আপ্লুত হৈ যোৱা এক ফেব্ৰুৱাৰীত মূখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনা তেঁওৰ মঙ্গল আৰু দীৰ্ঘজীৱন কামনা কৰি মাংগলিক কাৰ্যৰ মাজেৰে বৰো ধানৰ কঠীয়া ৰোপণ কৰে। পৰৱৰ্তী সময়ত কেইবাটাও পর্যায় অতিক্রম কৰাৰ পিছত সম্প্রতি বৰো ধানসমূহ লহপহকৈ বাঢ়ি আহিছে।বিগত সময়ছোৱাত মাজে – সময়ে ডিজেল চালিত মেচিনেৰে পানী যোগান ধৰাৰ লগতে শস্যৰ অপকাৰী পোক সমুহ মাৰিবৰ বাবে ঔষধ প্ৰয়োগ কৰিছিল । ইতিমধ্যে ধানৰ থোকসমূহ গজালি মেলিবলৈ আৰম্ভ কৰিছে অাৰু ১৫ ৰ পৰা ২০ দিনমানৰ ভিতৰতে ধান কাটিব পৰা হ’ব। ইফালে ৰংপীয়ে সদৰী কৰা অনুসৰি তেওঁ বৰো ধানৰ খেতি কৰিছে যদিও ইয়াৰ বাবে তেওঁৰ আন দৈনন্দিন কামকাজ সমূহ বাধাগ্রস্ত হোৱা নাই। বিগত বৰ্ষৰ দৰে আজৰি সময়খিনিৰ সদ্বব্যৱহাৰ কৰিয়ে নিজকে বৰো ধানৰ খেতিত জড়িত ৰাখিবলৈ সক্ষম হৈছে। কিয়নো তেওঁলোকৰ পৰিয়ালটোৱে ৰাণীগেটৰ পৰা কিছু নিলগৰ আন্ধেৰিজুলি পথাৰত প্রায় দহ বিঘা মাটিত পৰম্পৰাগতভাবে শালি ধানৰ খেতি কৰি আহিছে। আনকি আজিলৈকে তেওঁলোকে চাউল কিনি পোৱা নাই। নিজৰ ঘৰৰ শালি ধান ঢেঁকী বা যন্ত্রচালিত মেচিনত বানি তাৰ সহায়ত উলিওৱা চাউলহে খায়। এইবেলি দ্বিতীয়বাৰৰ বাবে নিজৰ মাটিত উৎপাদিত বৰো ধানৰ চাউলৰ সোৱাদ ল’ব পাৰিব বুলি আশা ৰাখিছে। এইক্ষেত্ৰত তেওঁৰ সহধৰ্মিনী তথা আজাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপীকে ধৰি পৰিয়ালৰ অান অান সদস্য – সদস্যা সকলে সকলো দিশতে সহযোগিতা আগবঢ়াই আহিছে বুলি বলেশ্বৰ ৰংপীয়ে জানিবলৈ দিছে।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন