ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি

0 75

সৰ্ব ভাৰতীয় পৰ্য্যায়ৰ উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিকাৰী শিক্ষানুষ্ঠান জৱাহৰ নৱোদয় বিদ্যালয় ধেমাজিত বুধবাৰে এখন সমাবেশ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।নবোদয় বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত অভিভাৱক,শিক্ষক শিক্ষয়িত্ৰীৰ এই গুৰুত্বপূৰ্ণ সমাবেশত বিদ্যালয়খনৰ অধ্যক্ষা অঞ্জনাই পৌৰহিত্য কৰে।গাম্ভীৰ্যপূৰ্ণ  সমাবেশত  সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত ধেমাজি জিলাৰ ২ হাজাৰ ২০০ প্ৰতিযোগী শিক্ষাৰ্থীৰ মাজৰ পৰা কৃতিত্বৰে  উত্তীৰ্ণ হৈ অহা ৮০ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক  বিদ্যালয়খনৰ  অধ্যক্ষা অঞ্জনাই  আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

সমাৰোহতে  এইসকল মেধাবী শিক্ষাৰ্থীক ২০২৪-২৫ শিক্ষাবৰ্ষৰ ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰা হয়। বিদ্যালয়খনত আনুষ্ঠানিক নামভৰ্তিৰ সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নামভৰ্তি কৰা এই ছাত্ৰ-ছাত্ৰীসকলৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সাতবছৰ কাল কটাবলগীয়া  পৰিশীলিত আবাসীয় জীৱনৰ মাৰ্গ দৰ্শন দিয়া হয়। এই বিদ্যায়তনিক যাত্ৰাৰ প্ৰাৰম্ভিক খোজত নৱাগত বিদ্যাৰ্থী সকলৰ লগতে অভিভাৱক সকলক অধ্যক্ষা অঞ্জনাই  বিদ্যালয়ৰ দৈনন্দিন সময় নিৰ্ধাৰিত নিয়ম-নীতিৰ বিষয়ে  বিস্তৃত ভাবে অৱগত কৰে।  সমান্তৰাল ভাৱে আবাসীয় বিদ্যালয়ৰ  সতে একাত্ম হোৱাৰ বাবে প্ৰয়োজনীয় কৰণীয় তথা অকৰণীয় সকলো নিয়ম-নিৰ্দেশনাৰ বিষয়ে সমাবেশত সবিশেষ আলোকপাত কৰা হয়।সমাৰোহত বিদ্যালয়খনৰ শৈক্ষিক বৰ্ণিল আৰু সফল যাত্ৰাৰ  ধাৰা অব্যাহত ৰখাৰ সোপান স্বৰূপ নবাগত ভৱিষ্যধৰ  ছাত্ৰ-ছাত্ৰী সকলৰ সমুজ্জল  ভৱিষ্যৎ কামনা কৰি শিক্ষানুষ্ঠানখনলৈ আদৰণি জনাই বিদ্যালয় পৰিয়ালে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.