৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ

0 98

ৰাজ্যখনৰ ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে ঢকুৱাখনাত । ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ মুঠ ১৯৮ টা ভোটকেন্দ্ৰৰ মুঠ ৯৫২ গৰাকী নিৰ্বাচনী বিষয়া কৰ্মচাৰীযে বৃহস্পতি বাৰে পুৱাই ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্য্যালয় প্ৰাঙ্গনত উপস্থিত হৈ সংগ্ৰহ কৰিছে ইলেকট্ৰনিক ভোটিং মেচিন সহ যাবতীয় নিৰ্বাচনী সামগ্ৰী । জিলা নিৰ্বাচনী বিষয়া কাৰ্ত্তিক কলিতাৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু সতৰ্ক দৃষ্টিৰ মাজত সমষ্টিটোৰ নিৰ্বাচনী বিষয়া কৰ্মচাৰী সকলে যাবতীয় সামগ্ৰী সংগ্ৰহ কৰি নিৰাপত্তা বাহিনীৰ সহযোগত ৰাওনা হৈছে নিজ নিজ ভোট কেন্দ্ৰলৈ। মুঠ তিনিটা জ’নত বিভক্ত কৰি দিয়া বিধানসভা সমষ্টিটোত মুঠ ১লাখ ৬০ হাজাৰ ৪৫৭ গৰাকী ভোটাৰৰ ভোট গ্ৰহণ পৰ্ব শুক্ৰবাৰে পুৱাৰ পৰা আৰম্ভ কৰিব নিৰ্বাচনী বিষয়া কৰ্মচাৰী সকলে। উল্লেখ্য যে নিৰ্বাচনী বিষয়া কৰ্মচাৰী সকল ভোটকেন্দ্ৰলৈ যোৱাৰ বাবে গধুৰ ,লঘু যান বাহনৰ লগতে নৌকাৰো ব্যৱস্থা গ্ৰহণ কৰা বুলি জিলা নিৰ্বাচনী বিষয়া কাৰ্ত্তিক কলিতাই সংবাদ মাধ্যমৰ আগত জনালে।লগতে ভোটাৰ ৰাইজক নিৰ্ভয়ে মুক্ত মনে আৰু প্ৰভাৱমুক্ত হৈ নিজস্ব ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে জিলা নিৰ্বাচনী বিষয়া কলিতাই আহ্বান জনাইছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.