দীপৰ বিলৰ পাৰত বনভোজথলী উদ্বোধন

0 139

দীপৰ বিলৰ পানী এইবাৰ লাহে লাহে কমি যোৱা বাবে এইবাৰ অইন বছৰৰ তুলনাত প্ৰায় এক সপ্তাহ পলমকৈ দীপৰ বিলৰ পাৰত শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ দাঁতিত থকা বনভোজথলী উদ্ধোধন কৰা হয়।উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবাৰ শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ বহু লোক আহে।কিন্তু এইবাৰ দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ শ্লুইচগেটখন যোৱা নবেম্বৰ মাহত দীপৰ বিলত অনুষ্ঠিত হোৱা জলক্ৰীড়া মহোৎসৱৰ বাবে তিনি মাহৰো অধিক দিন বন্ধ কৰি ৰখা হৈছিল।

মহোৎসৱ শেষ হোৱাৰ পাছতো শ্লুইচগেটখন সম্পুৰ্ণকৈ নুখুলি আংশিক ভাবে খোলাত দীপৰ বিলৰ পানী লাহে লাহে ওলাই যোৱাত বনভোজথলী আধা পানীৰ তলত আছিল।অৱশ্যে বনভোজথলী তদাৰকৰ দায়িত্বত থকা অগ্ৰণী সামাজিক,সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউছটাল নবজ্যোতি সংঘৰ কৰ্মকৰ্তা সকলে বিগত দুদিন ধৰি জেচিবিৰে মেৰামতি কৰাৰ লগতে নিজে হাতে কামে লাগি বনভোজথলীটোৰ ৮০ শতাংশ ব্যৱহাৰৰ বাবে উপযোগী কৰি তোলে।সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলীটো১০ ডিচেম্বৰত উদ্ধোধন কৰে সমাজকৰ্মী ধীৰাজ তুমুংৱে।এই উপলক্ষে সংঘৰ সভাপতি বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত সমাজকৰ্মী ধীৰাজ তুমুংৱে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দীপৰ বিলৰ পাৰৰ বনভোজথলীত সকলো লোকে নীতি নিয়ম মানি বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হ’ব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত মিকিৰপাৰা, চকৰদৌ পামহী আৰু গোগ তালুকৰ সভাপতি,বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপী,সংঘৰ উপ-সভাপতি অশোক থাপ্পা,সমাজকৰ্মী বীৰেশ্বৰ ৰংপী,প্ৰবীণ ৰংপী, অনিল ফাংচা,সংঘৰ বিষয়ববীয়া সুশীল থাপা,দীপৰ বিলৰ কাষৰীয়া খানামুখ মিলন সংঘৰ উপদেষ্টা ধীৰাজ কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিশুদ্ধ খোৱাপানী, বাহন ৰখাৰ বাবে পাকিং ব্যৱস্থা,প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা উপলব্ধ কৰা হৈছে।সমান্তৰালভাৱে চাফ চিকুণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে বনভোজ দল সমূহৰ পৰা ৰচিদৰ বিনিময়ত সামান্য পৰিমাণে মাচুল হিচাপে সংগ্ৰহ কৰা হ’ব। আজি প্ৰথম দিনা উদ্ধোধন কৰাৰ সময়তে বিভিন্ন প্ৰান্তৰ পৰা ২৫ টা দল বনভোজ খাবলৈ অহা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.