দুগৰাকী অসম গৌৰৱৰ খবৰে

0 265

PicsArt_07-16-04.35.10

বয়ন শিল্পীক এক নতুন মাত্ৰা দিবলৈ সক্ষম হোৱা অসমৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই লাভ কৰিলে “Stardust Global Indian Icon” শীৰ্ষক এক বঁটা। উল্লেখযোগ্য যে নিউয়ৰ্কৰ প্লাজাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত সংযুক্তা দত্তই এই বঁটা লাভ কৰে। বয়ন শিল্পীৰ প্ৰতি থকা দুৰ্বলতা আৰু আগ্ৰহৰ বাবে এইগৰাকী উদ্যমী মহিলাই চৰকাৰী চাকৰিও পৰিত্যাগ কৰিছিল। ইতিমধ্যে সংযুক্তাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বয়ন শিল্পৰ যোগেদি নিজৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।

PicsArt_07-16-04.38.35

আনহাতে উৰুখা পঁজাৰ পৰা সপোন  ৰচিছে বস্কাৰ যমুনা বড়োৱে। শোণিতপুৰ ঢেকিয়াজুলিৰ এই ১৯ বছৰীয়া যুৱতী গৰাকীয়ে সম্প্ৰতি অলিম্পিকৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাই আছে। উল্লেখযোগ্য যে যমুনাই ইতিমধ্যে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বক্সিংত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত Sports Authority Of India (SAI) আৰু Boxing Association Assam য়ে সহযোগিতা আগবঢ়াইছে। যমুনাৰ ভাষ্য… ২০২০ চনলৈকে SAI ৰ অধীনত প্ৰস্তুতি চলায় যাম। উল্লেখযোগ্য যে যমুনা বড়ো বৰ্ত্তমান স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী।

এই দুয়োগৰাকী অসম গৌৰৱলৈ nefocus.com ৰ ফালৰ পৰা জনালো বহু অভিনন্দন।

Leave A Reply

Your email address will not be published.