দুটা ভাল খবৰৰ আঁত ধৰি

0 279

গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হ’ব তৃতীয় গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ। এই সম্পৰ্কে অনুষ্ঠিত কৰা সংবাদ মেলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে কয় যে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এই মহোৎসৱখনত প্ৰায় ৬৫ খন দেশৰ ১০০ খন চলচিত্ৰ প্ৰদৰ্শিত হ’ব। ৩১ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা চলচিত্ৰ মহোৎসৱখন কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। ১২ খন দেশৰ ৰাষ্ট্ৰদূতে অংশ গ্ৰহণ কৰিব। এইবাৰৰ চলচিত্ৰ মহোৎসৱৰ কাণ্টি অফ ফ’কাচ হিচাপে ইৰাণ দেশৰ চলচিত্ৰ থাকিব। ইউৰোপীয়া চলচিত্ৰ নিৰ্মিতা পোলোণ্ডৰ খ্ৰীষ্টফ জানুচীয়ে অংশ গ্ৰহণ কৰিব। চলচিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাত এইবাৰ  ভাৰত, বাংলাদেশ, ছাৰ্বিয়াৰ তিনিজন পৰিচালক উপস্থিত থাকিব।আনহাতে বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইদৰ স্মৃতিত স্মৃতিসৌধ নিৰ্মাণ হ’ব।স্মৃতিসৌধ লগত সংলগ্ন কৰি দৃশ্য শ্ৰাব্য পুথিভঁৰাল আৰু সংগ্ৰহালয় নিৰ্মাণ কৰিব ।এই মন্তব্য সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেৰ ।

Leave A Reply

Your email address will not be published.