ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিশেষ পদক্ষেপ।যোৱা বুধবাৰে দৃষ্টিহীন লোকসকলৰ বাবে MANI নামৰ এটা এপ মুকলি কৰে গৱৰ্ণৰ শক্তিকান্ত দাসে।জানিব পৰা মতে প্লে ষ্টোৰ আৰু আই অ’ এছ এপযোগে বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব এই এপটো।কেন্দ্ৰীয় বেংকে ২০১৬ চনত বিমুদ্ৰাকৰণৰ সময়ত মহাত্মা গান্ধী ক্ৰমিকৰ কেইটামান টকাৰ আকাৰ আৰু ৰূপাঙ্কন সলাই দিয়ে।ফলত নতুন ১০,২০,৫০,১০০,২০০,৫০০ আৰু ২০০০ টকা চিনাক্ত কৰাত দৃষ্টিহীন লোকসকল অসুবিধাৰ সন্মুখীন হৈছিল।এতিয়া এই এপৰ জৰিয়তে মোবাইল কেমেৰাই টকাৰ স্কেন কৰিব আৰু দৃষ্টিহীন লোকসকলে ভইচ কণ্ট্ৰলৰ যোগেদি টকা চিনাক্ত কৰিব পাৰিব।লগতে হিন্দী আৰু ইংৰাজী ভাষাত অডিঅ’ নটিফিক্যেশ্বন অহাৰ ব্যৱস্থা কৰি দিয়া হৈছে।উল্লেখ্য যে এই এপৰ জৰিয়তে আচল আৰু নকল টকাৰ প্ৰমাণিত নকৰে বুলি জানিবলৈ দিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি