অসমীয়াৰ বাপতি সাহোন তিনিওটি বিহু দৈ ৰ অবিহনে উদযাপন কৰিব নোৱাৰি।বিহুৰ দিনা পুৱাই প্ৰতিটো পৰিয়ালেই দৈৰে জলপান গ্ৰহণ কৰে।সেয়ে ৰাজ্যৰ প্ৰতিজন দুগ্ধ ব্যৱসায়ী বৰ্তমান অধিক ব্যস্ত।যিহেতু টীয়ক ঠাই খনৰ নামৰ অৰ্থ টাই ভাষা অনুসৰি গাখীৰৰ উভৈনদী অঞ্চল, সেয়ে উজনি অসমত টীয়কৰ দৈৰ গুৰুত্বই সুকীয়া।প্ৰতিটো উৎসৱ পাৰ্বনত ৰাইজে টীয়কৰ এঠা দৈৰ সোৱাদ ল’বলৈ আগ্ৰহ কৰে। আজি উৰুকাৰ দিনা এই দৃশ্য টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্টৰ,২০০৩ চনতে অতি ক্ষুদ্ৰভাৱে টীয়কৰ ঐতিহাসিক নেপালী সত্ৰৰ উদীয়মান যুৱক দূৰ্লভ গোস্বামীয়ে নিজ গৃহতে অশেষ কষ্টেৰে আৰম্ভ কৰিছিল এই ব্যৱসায়।পৰৰ্ৱতী সময়ত সুদীৰ্ঘ ১৭টা বছৰ গৰকি আজি বিহু বুলি দৈনন্দিনকৈ অতিৰিক্ত প্ৰায় পাঁচ হাজাৰ দৈ গাখীৰৰ টেকেলি উজনিৰ প্ৰায়বোৰ জিলালৈ প্ৰেৰণৰ দিহা কৰাৰ সমান্তৰালকৈ ক্ৰীম,ঘিউ, পনীৰ,পেৰাকে ধৰি কেইবাবিধো দুগ্ধজাত সামগ্ৰীও যোগানৰ ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে এই ব্যৱসায়ৰ লগত ৫০০ৰো অধিক পৰিয়াল জড়িত হৈ স্বাৱলম্বিতাৰ পথ সুগম কৰিছে।ইপিনে স্থানীয় মৃৎ শিল্পৰ লগত জড়িত শতাধিক পৰিয়ালে গোস্বামী মিল্ক প্ৰডাক্টত টেকেলি যোগান ধৰি আৰ্থিক উপাৰ্জনৰ পথ সুগম কৰিছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ