দৌল মহোৎসৱ সম্পন্ন

0 202

গুৱাহাটীৰ পাণ্ডু টেম্পুল ঘাটৰ প্ৰভাত পথত জাগৰণ বহুমুখী উন্নয়ন সমিটিৰ উদ্যোগত ৮ মাৰ্চৰ পৰা অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক দৌল মঙ্গলবাৰে সন্ধিয়া সফল সামৰণি পৰে ৷ দৌল মহোৎসৱৰ কাৰ্য্যসুচীৰ শুভাৰম্ভ হোৱাৰ পাছত সন্ধিয়া দৌলযাত্ৰা , আতচবাজী গোসাঁই স্থাপন , সমূহীয়া বন্তি প্ৰজলন , আৰতি, নাম প্ৰসংগ, নিশা হোলীক দাহ পৰ্ব আৰু প্ৰসাদ বিতৰণ কৰে ৷
৯ মাৰ্চৰ দিনা পুৱা ধৰ্ম ধজ্বা উত্তোলন কৰে সমাজকৰ্মী হৰেণ চন্দ্ৰ দাসে ৷ তাৰ পাছত ভাগৱত পাঠ অনুষ্ঠান হয় ৷ দিনৰ বজাৰ পৰা বিয়লি ২ বজালৈ বৰপেটা , গোৱালপাৰা পৰা আমন্ত্ৰিত দলে হোলী গীত পৰিৱেশন কৰে ৷ ইয়াৰ পিছতেই নাগাৰা নাম আৰম্ভ হয় ৷
১০ মাৰ্চ মঙ্গলবাৰ শেষৰ দিনা দুপৰীয়া গোসাঁই ফুৰোৱা কাৰ্য্যসুচী অনুষ্ঠিত হয় ৷ তাৰ পাছতে বিয়লি ৪ বজাত পাণ্ডু টেম্পুল ঘাটৰ পৰা পাণ্ডু বৰবজাৰত থকা গ্ৰাম্যদেৱতা মন্দিৰলৈ গোসাঁই গৃহ গমন শীৰ্ষক এক বিশাল শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাত জাগৰণ বহুমুখী উন্নয়ন সমিতিৰ সভাপতি দিপুল ডেকা , সম্পাদক অমৃত লাল মণ্ডল , কোষাধ্যক্ষ বিকাশ দাসকে ধৰি , কেবাগৰাকী কৰ্মকৰ্তা দৌল মহোৎসৱৰ সমিতিৰ তুলসী বৰ্মন , সভাপতি মঞ্জু দাসকে ধৰি কেবাগৰাকী কৰ্মকৰ্তাৰ লগতে পাঁচ শতাধিক লোকে ভাগ লয় ৷ সন্ধিয়া গ্ৰাম্য দেৱতা মন্দিৰ পৰা উভতনি যাত্ৰাৰে এই দৌল মহোৎসৱৰ সফল সামৰণি পৰে ৷

Leave A Reply

Your email address will not be published.