অজস্ৰ ভক্তৰ সমাগম ঘটিল বটদ্ৰৱাত

0 277

বটদ্ৰৱাত মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘৰৰ দক্ষিণে সাত বৈকুন্ঠৰ শক্তি স্থাপনৰ উদ্দেশ্যে পঞ্চদশ শতিকাতে সাত থাক কৰি দৌলৰ ভেটি বন্ধাইছিল। শংকৰ গুৰুজনাই তাৰাৰ জন্মস্থান বটদ্ৰৱা আলিপুখুৰীত মাঘৰ পূৰ্ণিমাত চিহ্নযাত্ৰা ভাওনা কৰি ফাল্গু পূৰ্ণিমাত এই দৌলতেই পোন প্রথম বাৰৰ বাবে ফাল্গু উৎসৱ অৰ্থাৎ ৰঙৰ উৎসৱ ফাকুৱা পাতি গোবিন্দ গোসাঁই মুৰত ফাকু দি অনুপম আনন্দদায়ক ফল্গুোৎসৱৰ পাতনি মেলিছিল। তাহানিতে গুৰুজনে দেখুৱাই যোৱা মহান ঐতিহ্যক সাৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ প্রতি বছৰে বটদ্রৱাত মহাআড়ম্বৰপূৰ্ণ ভাৱে দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়। এইবাৰো শ্রীশ্রী বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি নীতিৰে ৮ মাৰ্চৰ পৰা পাঁচ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ ভাৱে চলি আছে দৌল উৎসৱ। ৫ দিনীয়া দৌল উৎসৱৰ এই মহা আনন্দ উৎসৱত অসমৰ ভিন ভিন ঠাইৰ পৰা লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ ভকতি অমিয়া ৰসৰ আনন্দ পান কৰিছে। সমগ্ৰ দেশ জুৰি “কৰোনা” ভ‍াইৰাছে ভয়াবহ ৰূপ ধাৰন কৰাক লৈ ৰাজ্য প্ৰশাসনেও সতৰ্কতা অৱলম্বন কৰি জনসমাগমৰ পৰা আতৰি থাকিবলৈ আহ্বান জনাইছে যদিও বটদ্ৰৱা এই কেইদিন দ্বিতীয় বৈকুণ্ঠপুৰিত পৰিণত কৰিছে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে। দৌল উৎসৱৰ বিভিন্ন পৰম্পৰাগত কাৰ্যসূচীৰ উপৰিও এখনি ৰঙৰ হাত অনুষ্ঠিত কৰি ৰাইজৰ মনোৰঞ্জন পূৰণৰ ব্যৱস্থা কৰিছে থান পৰিচালনা সমিতিয়ে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.