বি টি চি নিৰ্বাচনৰ দিন ঘোষণা

0 270

বি টি চি নিৰ্বাচনৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে এখন সংবাদ মেল আয়োজন কৰে।অসম প্ৰশাসনিক ষ্টাফ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা সংবাদ মেলত খনত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অশোক কুমাৰে কয় যে অহা ৪ এপ্ৰিলত বি টি চিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব।
 
 
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ১৮ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ।সৰ্বমুঠ ৪০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ২৩, ৮৬, ৩৫৯ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰাৰ্থী সকলে ৭লাখতকৈ অধিক ধন ৰাশি খৰছ কৰিব নোৱাৰিব।
 
 
ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে ৫২১টা পুলিং ষ্টেচন স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে।স্মৰ্তব্য যে পুৱা ৮বজাৰ পৰা ৪ বজালৈ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

Leave A Reply

Your email address will not be published.