দৰং জিলাত বুধবাৰে মিছন ৰামধেনু আৰম্ভ কৰা হৈছে । গৰ্ভৱতী মহিলা আৰু শিশুসকলক বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে এক বিশেষ ভেকচিনেশ্যন আৰম্ভ হৈছে ৷ এই উপলক্ষে মঙলদৈ অসামৰিক চিকিৎসালয়ত এক অনুষ্ঠান অনুস্থিত হয় । দৰং জিলা উপায়ুক্ত প্ৰভাতী থাওচেনে সপ্তাহজোৰা টিকাকৰণ অনুষ্ঠান উদ্বোধন কৰি ইয়াৰ জড়িয়তে সকলো শিশুক সামৰি লোৱা হ’ব বুলি উল্লেখ কৰে । জিলা স্বাস্থ্য বিষয়া নিৰ্মল বেৰীয়াই জনোৱা মতে, এই আঁচনিৰ জড়িয়তে দৰং জিলাৰ ১৫০০ শিশুক সামৰি লোৱা হ’ব । অহা আগষ্ট আৰু চেপ্তেম্বৰ মাহতো ৭ ৰ পৰা ১৩ ভিতৰত এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি জনাইছে। এই অনুষ্ঠানত ১০ টা শিশুক টীকা প্ৰদান কৰা হয় ।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন