দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 74

দৰং জিলাৰ কেইবাটাও স্থানত আজি অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বিভাগৰ অধীনত নতুনকৈ নিৰ্মীয়মান ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ মথাউৰি পৰিদৰ্শন কৰে ।বৰ্ষনমূখৰ দিনটোত জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে মঙলদৈৰ চেৰেংঘাট গড়কাপ্তানী পথৰ পৰা নিজ ৰঙামাটিলৈকে নতুনকৈ নিৰ্মীয়মান ৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰি পৰিদৰ্শন কৰে। অঞ্চলটোত বানৰ প্ৰকোপ হ্ৰাস কৰাৰ উদ্দেশ্যৰে জলসম্পদ বিভাগৰ অধীনত প্ৰায় ১২.৫০ কোটি টকাৰ পুঁজিৰে মথাউৰিটো নিৰ্মাণ কৰি থকা হৈছে। আজিৰ পৰিদৰ্শনকালত মন্ত্ৰী হাজৰীকাই কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বাকী থকা কামসমূহ যিমানদূৰ সম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে । আনহাতে অঞ্চলটোত পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজনীয় শ্লুইছগেট নিৰ্মাণৰ ব্যৱস্থা হাতত লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে।

পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে ছিপাঝাৰৰ ডিমিলা নৈৰ দুয়োকাষে নিৰ্মীয়মান মুঠ প্ৰায় ২০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে । উল্লেখ্য যে সাৰেঙৰ পৰা দুইখঁটিমূখ পৰ্যন্ত ডিমিলা নৈৰ দুয়োপাৰে প্ৰায় ১৭.৭০ কোটি টকাৰে নিৰ্মীয়মান মথাউৰিটোৰ নিৰ্মানকাৰ্যত কিছু আঁসোৱাহ থকা বুলি স্থানীয় ৰাইজে মন্ত্ৰী হাজৰীকাক অভিযোগ প্ৰদান কৰে । জলসম্পদ মন্ত্ৰীগৰাকীয়ে নিজেও এই ক্ষেত্ৰত পৰিদৰ্শন কৰি সকলোৰে পৰা অৱগত হয় যে মথাউৰিটোৰ নিৰ্মাণকাৰ্যত নীতি অনুসৰি ৰোলাৰ চলাব লাগে যদিও ঠিকাদাৰগৰাকীয়ে এই ক্ষেত্ৰত ৰোলাৰ চলোৱাৰ কোনো ব্যৱস্থা হাতত লোৱা নাই। এনেদৰে আসোঁৱাহপূৰ্ণভাৱে মথাউৰি নিৰ্মাণ কৰি চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ নকৰা বাবে মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক জবাবদিহি কৰে। আনহাতে বানপানী নিয়ন্ত্ৰণৰ দৰে এক গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ৰ কামত গাফিলতি কৰাৰ বাবে বিভাগীয় অভিযন্তাগৰাকীৰ বিৰুদ্ধে নিলম্বনৰ ব্যৱস্থা ল’বলৈ মন্ত্ৰীগৰাকীয়ে উপস্থিত মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে। বিভাগীয় ঠিকাদাৰগৰাকীৰ বিৰুদ্ধেও আইনগতভাৱে কঠোৰ ব্যৱস্থা ল’বলৈ জলসম্পদ মন্ত্ৰীগৰাকীয়ে মুখ্য অভিযন্তাগৰাকীক নিৰ্দেশনা প্ৰদান কৰে। বানপানী নিয়ন্ত্ৰণৰ দৰে গুৰুত্বপূৰ্ণ কামত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে যে কামটো পুনৰ ভালদৰে কৰাৰ ব্যৱস্থা কৰা হ’ব । আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সদায়ে ৰাইজৰ পক্ষত কাম কৰি আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়া অভিযন্তাক সুচাৰুৰূপে কামসমূহ সম্পন্ন কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.