গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ সাফল্যত সন্তোষ প্ৰকাশ কৰিছে ধাৰাপুৰবাসী ৰাইজে । উল্লেখনীয় যে ৰঙালী বিহুৰ উলাহ আনন্দৰ মাজতে ধাৰাপুৰ টাই কোৱান ডো অকাডেমি ৰ উদ্যোগত যোৱা ১১ এপ্ৰিলত ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত আন্তঃ ক্লাব ভিত্তিত এখনি টাইকোৱানডো প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰথমবাৰৰ বাবে ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ আৰম্ভণিত এক শোভাযাত্ৰা ৰূপায়ন কৰাৰ লগতে প্ৰতিযোগিতাৰ পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে বৃহত্তৰ ধাৰাপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ধীৰেন্দ্ৰ চন্দ্ৰ দাসে । প্ৰতিযোগিতাখনত কামৰূপ মহানগৰ , কামৰূপ গ্ৰাম্য , নলবাৰী , বৰপেটা আৰু বাক্সাকে ধৰি বহু কেইখন জিলাৰ টাইকোৱানডো খেলুৱৈয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাত ধাৰাপুৰ টাইকোৱানডো অকাডেমিয়ে শ্ৰেষ্ঠ দলৰ খিতাপ অর্জন কৰাৰ লগতে ধাৰাপুৰ টাইকোৱানডো একাডেমিৰ ৰিয়ান কাশ্যপ( তুকটুক) , কৌস্তুব মণি কলিতা , ৰিম্পী দাস , জীয়া দাস , জগজিৎ দাস , জ্যোতিৰ্ময় কলিতা , ঈশান দাস , বিপানশ্ৰী কাকতি আৰু তৃষ্ণা কলিতাই সোণৰ পদক অর্জন কৰাৰ উপৰি ৰিংকু কৰোৱা , গৌতম দাস , অভিষেক দাস , স্নেহা দাস , স্নেহা সেন , বিকাশ কলিতা , হিমঞ্জিত দাস , প্ৰজ্ঞান দিকে বৈশ্য , যুৱৰাজ কলিতা , দ্বীপ কলিতা , বাৰ্ব্বী কলিতা , মধুস্মিতা কলিতা , ভৃগু দাসে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । উল্লেখনীয় যে ইতিমধ্যেই ধাৰাপুৰ টাইকোৱানডো একাডেমী যথেষ্ট সংখ্যক খেলুৱৈয়ে আন্তঃজিলা তথা ৰাষ্টীয় পৰ্য্যায়ৰ টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান