বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিস্তৃতভাৱে বুজ ল`লে নিৰ্বাচন পৰ্যবেক্ষকে

0 284

অসম বিধানসভা নিৰ্বাচন-২০২১ ৰ বাবে শিৱসাগৰ নিৰ্বাচনী জিলাৰ অধীনস্থ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে নিয়োজিত নিৰ্বাচন পৰ্যবেক্ষক অভিমন্যু কুমাৰে অলপতে জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত বিষ্ণু কমল বৰা আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহা প্ৰমুখ্যে নিৰ্বাচনী কোষ সমূহৰ বিষয়ববীয়াৰ সৈতে এখন বৈঠকত মিলিত হয়।
উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন পৰ্যবেক্ষক গৰাকীয়ে প্রথম পৰ্য্যায়ত শিৱসাগৰ নিৰ্বাচনী জিলাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিস্তৃতভাৱে বুজ লয়।
জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত শিৱসাগৰ নিৰ্বাচনী জিলাত গ্ৰহণ কৰা প্ৰস্তুতি সমূহৰ বিষয়ে নিৰ্বাচন পৰ্যবেক্ষক গৰাকীৰ আগত এক বিস্তৃত অৱলোকণ দাঙি ধৰে। তেওঁ এক পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ মাধ্যমেৰে বিভিন্ন নিৰ্বাচনী প্ৰস্তুতি যেনে, ক’ভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৱলী, ভোটগ্ৰহণ কেন্দ্ৰ সমূহত প্ৰদান কৰা মৌলিক প্ৰয়োজনীয় সা-সুবিধা সমূহ, আশী বছৰৰ উৰ্ধৰ ভোটাৰ তথা দিব্যাঙ্গ ভোটাৰ সকলৰ বাবে পোষ্টেল বেলট পেপাৰৰ সুবিধা প্ৰদান, পলিং বিষয়া সকলৰ প্ৰশিক্ষণ, মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আৰু মডেল ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন, SVEEP -ৰ অধীনত ভোটাৰ সজাগতামূলক অভিযান আদিৰ বিষয়ে বিতং ভাৱে অৱগত কৰে।
বৈঠকত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। নিজ বক্তব্যত আৰক্ষী অধীক্ষক গৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচন সুচাৰুৰূপে তথা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ হকে আৰক্ষী বিভাগে জিলাখনত জ’নেল, চেক্টৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰ পৰ্য্যায়ত গ্ৰহণ কৰা তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে।
জিলাখনত আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তুতিৰ বিষয়ে বিস্তৃতভাৱে বুজ লৈ নিৰ্বাচন পৰ্যবেক্ষক গৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন ব্যতিক্ৰমী আৰু অনন্য পদক্ষেপ গ্ৰহণৰ দ্বাৰা ভোটাৰক ভোট প্ৰদান কৰিবলৈ আগ্ৰহী কৰাৰ পোষকতা কৰে। নিৰ্বাচন পৰ্যবেক্ষক অভিমন্যু কুমাৰে মহিলা পলিং বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ সমূহে মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। তেওঁ মডেল ভোটগ্ৰহণ কেন্দ্ৰসমূহ আকৰ্ষণীয় ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায় যাতে ইয়াৰ দ্বাৰা ভোটাৰ সকল আকৰ্ষিত হৈ বিপুল হাৰত ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। তেওঁ লগতে নিৰ্বাচন প্ৰক্ৰিয়াত ক’ভিড-১৯ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান জনায়।
নিৰ্বাচন পৰ্যবেক্ষক গৰাকীয়ে তেওঁৰ বক্তব্যত নিৰ্বাচন প্ৰক্ৰিয়াত জড়িত সমূহ বিষয়-ববীয়াক নিজকে SVEEP -ৰ একোগৰাকী এম্বেচেডৰ বুলি ভাবি ব্যক্তিগতভাৱে ভোটাৰ সকলক সচেতন কৰাৰ দ্বাৰা তেওঁলোককক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি এক শক্তিশালী গণতন্ত্ৰৰ ভেটি নিৰ্মাণৰ অংশীদাৰ কৰাবলৈ আহ্বান জনায়। তেওঁ সংশ্লিষ্ট সকলোকে আগন্তুক বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে, সুচাৰুৰূপে তথা নিয়াৰিকৈ সম্পন্ন কৰাৰ স্বাৰ্থত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.